December 10, 2025 9:10 PM

views 12

গুৱাহাটীত ভাৰতীয় গণ সংযোগ প্ৰতিষ্ঠানৰ উদ্যোগত আৰু তথ্য-সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সহযোগত আঞ্চলিক সামূহিক অনাতাঁৰ কেন্দ্ৰ সন্মিলন

ভাৰতীয় গণসংযোগ প্ৰতিষ্ঠান- আই আই এম চিয়ে কেন্দ্ৰীয় চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সহযোগত আজি আৰু কাইলৈ গুৱাহাটীত আঞ্চলিক সামূহিক অনাতাঁৰ কেন্দ্ৰ সন্মিলনৰ আয়োজন কৰিছে। ভাৰতত সামূহিক অনাতাঁৰ সেৱাৰ ২০ বছৰ পূৰ্ণ হোৱা উপলক্ষে আয়োজিত এই সন্মিলনৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ সামূহিক অনাতাঁৰ কেন্দ্ৰৰ সৈতে জড়িত ব্যক্তি, প্রতিষ্ঠান, গণ মাধ্যমৰ শিক্ষক, চৰকাৰী প্ৰতিনিধি আৰু বিশেষজ্ঞসকলক একেখন মঞ্চত উপবিষ্ট কৰোৱা হৈছে। গুৱাহাটীৰ আজাৰাত আজি দিনৰ ১০ বজাত আৰম্ভ হোৱা এই সন্মিলনত আই আই এম চিৰ উপাচাৰ্য্য...