September 26, 2024 9:31 PM September 26, 2024 9:31 PM

views 4

শাৰদীয় দুর্গা পূজা উদযাপনৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ নীতি-নিৰ্দেশনা জাৰি

কামৰূপ মহানগৰ জিলা প্ৰশাসনে সমাগত শাৰদীয় দুর্গা পূজা সুকলমে উদযাপনৰ বাবে কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে। প্ৰশাসনে পূজা সমিতিসমূহক জনসাধাৰণৰ সুৰক্ষাৰ সৈতে জড়িত এই নীতি-নিৰ্দেশনাসমূহ কঠোৰভাৱে মানি চলিবলৈ আহ্বান জনাইছে। এই অনুসৰি পূজা মণ্ডপ নিৰ্মাণত বিশেষকৈ বৈদ্যুতিক কাম-কাজৰ ক্ষেত্ৰত অত্যন্ত সাৱধানতা অৱলম্বন কৰিবলৈ কোৱা হৈছে। সকলো পূজা সমিতিক আগতীয়াকৈ লোকনির্মাণ বিভাগ, মুখ্য বিদ্যুৎ উপদেষ্টা আৰু অগ্নিনির্বাপণ বিভাগৰ পৰা আপত্তিবিহীনতাৰ প্ৰমাণপত্ৰ ল'বলৈ কোৱা হৈছে। মণ্ডপসমূহত জনসাধাৰণৰ প্ৰৱেশ আৰ...