October 24, 2024 8:52 PM

views 27

গুৱাহাটী-ধুবুৰীত মহানগৰ আৰক্ষীৰ অভিযান, নগদ ধনসহ ৭ ডকাইতক গ্ৰেপ্তাৰ

গুৱাহাটী মহানগৰীৰ কেইবাটাও স্থানত ডকাইতিৰ ঘটনা সংঘটিত কৰাৰ অভিযোগত আজি মহানগৰ আৰক্ষীয়ে এটা ডকাইতৰ দলৰ ৭টা সদস্যক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে গণেশুগুৰি আৰু ধুবুৰীৰ বিলাসীপাৰাত অভিযান চলাই এই লোককেইজনক গ্ৰেপ্তাৰ কৰাৰ লগতে চাৰে ৪ লাখ টকাৰো অধিক নগদ ধন, ১১০টা পুৰণি মুদ্ৰাকে ধৰি অন্যান্য সামগ্রী জব্দ কৰিছে। উল্লেখযোগ্য যে কালি মহানগৰীৰ দ্বাৰকা নগৰত এটা পৰিয়ালক ডকাইতৰ দলে লুটপাত চলোৱাৰ উপৰি অন্য স্থানতো এনে ঘটনা সংঘটিত হোৱা তথ্য আৰক্ষীয়ে লাভ কৰিছিল।