April 25, 2024 11:01 AM

views 29

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ কাইলৈ ভোটগ্রহণ

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে কাইলৈ ভোটগ্রহণ কৰা হ'ব। এই পৰ্যায়ত আউটাৰ মণিপুৰ লোকসভা সমষ্টিৰ বাকী অংশৰ উপৰি ১৩খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৮৮ খন আসনৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হ'ব। মধ্য প্ৰদেশৰ বেটুল সংসদীয় সমষ্টিৰ বাবেও দ্বিতীয় পৰ্যায়তে ভোটগ্রহণ হোৱাৰ কথা আছিল যদিও বি এছ পিৰ প্ৰাৰ্থীগৰাকীৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত সমষ্টিটোত এতিয়া তৃতীয় পৰ্যায়ত ভোটগ্ৰহণ কৰা হ'ব। এই পৰ্যায়ত অউটাৰ মণিপুৰ সংসদীয় সমষ্টিৰ ৪ গৰাকী প্ৰাৰ্থীসহ মুঠ এহেজাৰ ১৯৮ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নির্ণয় হ'...

April 23, 2024 6:04 PM

views 23

২৬ এপ্ৰিলত ১২খন ৰাজ্যৰ ৮৯টা সমষ্টি লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ

দেশৰ ১২ খন ৰাজ্যৰ ৮৯টা সমষ্টিত ২৬ এপ্ৰিলত দ্বিতীয় পৰ্যায়ত লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ কৰা হ'ব। এই পৰ্যায়ত সামগ্রিকভাৱে এহেজাৰ ১৯৮ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। এই পৰ্যায়ৰ উল্লেখযোগ্য প্রার্থীৰ ভিতৰত আছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধী, কংগ্ৰেছ নেতা ভূপেশ বাঘেল, জনতা দল এছৰ নেতা তথা কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্রী এইচ ডি কুমাৰস্বামী, কংগ্ৰেছ নেতা শশী থাৰুৰ, লোকসভাৰ বিদায়ী অধ্যক্ষ ওম বিৰলা, ৰামায়ণ ধাৰাবাহিকত ৰামৰ চৰিত্ৰত অভিনয় কৰা অৰুণ গোভিল, অভিনেত্ৰী ৰাজনীতিক হেমা মালিনী, কেন্...

April 5, 2024 12:19 PM

views 32

দিল্লীৰ ৰং ভৱনত লোকসভা নিৰ্বাচনৰ বাবে স্বীকৃতিপ্রাপ্ত ৰাষ্ট্ৰীয় দলসমূহৰ বাবে আকাশবাণী আৰু দূৰদৰ্শনৰ প্ৰচাৰৰ সময় নিৰ্ধাৰণ

♦ নতুন দিল্লীৰ ৰং ভৱনত কালি আসন্ন লোকসভা নিৰ্বাচনৰ বাবে স্বীকৃতিপ্রাপ্ত ৰাষ্ট্ৰীয় দলসমূহৰ বাবে আকাশবাণী আৰু দূৰদৰ্শনযোগে প্ৰচাৰৰ সময় নিৰ্ধাৰণ কৰা হয়। সেই অনুসৰি প্ৰতিটো ৰাষ্ট্ৰীয় দলক আকাশবাণী আৰু দূৰদৰ্শনৰ বাবে ৪৫ মিনিটকৈ সময় প্ৰদান কৰা হৈছে। ইয়াৰ লগতে ৬টা ৰাষ্ট্ৰীয় দলৰ বাবে প্ৰচাৰ তথা সম্প্ৰচাৰৰ বাবে অতিৰিক্ত চাৰে ৫ ঘণ্টা নিৰ্ধাৰণ কৰা হৈছে। ৰাষ্ট্ৰীয় দলসমূহক অহা ১৬ আৰু ২৩ এপ্ৰিলৰ লগতে ৩, ১০, ১৭, ২২ আৰু ২৯ মে'ত প্ৰচাৰ আৰু সম্প্ৰচাৰৰ সময় প্ৰদান কৰা হৈছে।

April 5, 2024 11:59 AM

views 53

কম ভোটদান হোৱা ১১ খন ৰাজ্যৰ পৌৰ আয়ুক্ত আৰু বচা বচা জিলা নির্বাচনী বিষয়াৰ সন্মিলনৰ আয়োজন নির্বাচন আয়োগৰ

♦ নির্বাচন আয়োগে আজি কম ভোটদান হোৱা ১১ খন ৰাজ্যৰ পৌৰ আয়ুক্ত আৰু বচা বচা জিলা নির্বাচনী বিষয়াৰ সন্মিলন আয়োজন কৰিছে। নতুন দিল্লীত হ'বলগীয়া এই বৈঠকত আসন্ন লোকসভা নিৰ্বাচনত ভোটদানৰ হাৰ বৃদ্ধি কৰাৰ উপায় সম্পৰ্কে আলোচনা কৰা হ'ব। বৈঠকত নগৰ আৰু চহৰৰ একাংশ এলেকাত কম ভোটদানৰ সমস্যা দূৰ কৰাৰ বাবে বিশেষ কাৰ্য পৰিকল্পনাৰ বিষয়ে আলোচনা কৰা হ'ব। নির্বাচন আয়োগে প্ৰকাশ কৰা মতে বৈঠকত দিল্লী, মুম্বাই, চেন্নাই, বেংগালুৰু, হায়দাবাদ, আহমেদাবাদ, পুণে,থানে, নাগপুৰ, পাটনা চাহিব, লক্ষ্ণৌ আৰু কানপুৰৰ পৌৰ আয়ুক্তসক...

April 4, 2024 11:30 AM

views 32

দেশৰ বিভিন্ন প্ৰান্তত ৰাজনৈতিক দলৰ শীৰ্ষ নেতাৰ নিৰ্বাচনী সভা

♦ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। গুৰুত্বপূৰ্ণ ৰাজনৈতিক দলৰ শীৰ্ষ নেতাসকলে কালি দেশৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী সভা আৰু ৰোড শ্ব'ত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে কালি নমো এপৰ মাধ্যমেৰে উত্তৰ প্ৰদেশৰ বিজেপি কৰ্মীসকলৰ এটা ডিজিটেল ৰেলীক সম্বোধন কৰে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে উত্তৰ প্ৰদেশৰ মুজ্জাফৰ নগৰত বিজেপি প্রার্থী সঞ্জীৱ বালিয়ানৰ সমৰ্থনত এখন নির্বাচনী সভাত ভাগ লয়। আনহাতে কংগ্ৰেছ দলৰ সভাপতি মল্লিকার্জুন খাৰ...