August 11, 2026 9:08 AM

views 17

চৰকাৰী ই-মার্কেট প্লেছ- জি ই এমে সঠিক গুণগত মানৰ, সঠিক মূল্য মানৰ আৰু সঠিক সময়ত উপযুক্ত সামগ্ৰী ক্ৰয় কৰাটো প্ৰতিফলিত কৰে

চৰকাৰী ই-মার্কেট প্লেছ- জি ই এমে সঠিক গুণগত মানৰ, সঠিক মূল্য মানৰ আৰু সঠিক সময়ত উপযুক্ত সামগ্ৰী ক্ৰয় কৰাটো প্ৰতিফলিত কৰে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীযুষ গোৱেলে কালি নতুন দিল্লীত অনুষ্ঠিত জি ই এমৰ দশম প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰি এই কথা প্ৰকাশ কৰে। মন্ত্ৰী শ্ৰী গোৱেলে জি ই এম প্ৰতিষ্ঠাৰ পূৰ্বে ৰাজহুৱা ধনৰ অপব্যৱহাৰ আৰু অস্বচ্ছতাৰ কথা সোঁৱৰণ কৰি কয়, যে সেই সময়ত সুপ্ৰশাসনৰ অভাব বাৰুকৈয়ে পৰিলক্ষিত হৈছিল। মন্ত্ৰীগৰাকীয়ে কয়, যে বৰ্তমান ৰাজহুৱা ক্ৰয় ই-কমার্চ প্লেটফৰ্মৰ জৰিয়তে কৰা ...

August 7, 2026 8:11 PM

views 9

যোৱা ১০ বছৰত জেমৰ ২০ লাখ কোটিতকৈও অধিক মূল্যৰ বজাৰ দখল

ভাৰতৰ ৰাষ্ট্ৰীয় ৰাজহুৱা ক্ৰয় মঞ্চ চৰকাৰী ই-বজাৰ ব্যৱস্থা চমুকৈ জেমে যোৱা ১০ বছৰত সামগ্রিকভাৱে ২০ লাখ কোটিতকৈও অধিক মূল্যৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য ২০১৬ চনৰ ৯ আগষ্টত প্রযুক্তি, স্বচ্ছতা, পাৰদৰ্শিতা আৰু সুপ্রশাসনৰ জৰিয়তে ৰাজহুৱা ক্ৰয় ব্যৱস্থাৰ ৰূপান্তৰৰ উদ্দেশ্যে এই মঞ্চ মুকলি কৰা হৈছিল। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত জেমৰ মুখ্য কাৰ্যবাহী বিষয়া মিহিৰ কুমাৰে কয়, যে ২০১৬-১৭ চনত জেমৰ চাৰিশ ২২ কোটি টকাৰ ব্যৱসায় বর্তমান ২০ লাখ কোটিতকৈও অধিক হৈছেগৈ। তেওঁ কয়, যে যোৱা দশকত এই মঞ...

May 19, 2025 9:12 PM

views 66

Government e Marketplace চমুকৈ GeM য়ে উপান্ত শ্ৰেণীৰ লোকসকলৰ বাবে নতুন দিগন্তৰ সূচনা কৰাৰ লগতে সঞ্চয়ো নিশ্চিত কৰিছে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্রীয় মন্ত্রী পিয়ুষ গোৱেলে লিখা এটা নিবন্ধ সামাজিক মাধ্যমত সকলোৱে পঢ়িব পৰাকৈ প্ৰচাৰ কৰিছে। তেওঁ কয়, যে Government e Marketplace চমুকৈ GeM, য়ে উপান্ত শ্ৰেণীৰ লোকসকলৰ বাবে নতুন দিগন্তৰ সূচনা কৰাৰ লগতে সঞ্চয়ো নিশ্চিত কৰিছে। উল্লেখযোগ্য যে কেন্দ্রীয় বাণিজ্য আৰু উদ্যোগ দপ্তৰৰ মন্ত্ৰী পীয়ুষ গোৱেলে নিৱন্ধটোত কৈছে, যে ৰাজহুৱা বেপাৰ-বাণিজ্যৰ ডিজিটেল মঞ্চ Government e Marketplace চমুকৈ GeM, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰত ২০৪৭ অভিযানৰ লক্ষ্যৰ পথত গুৰুত্ব...

April 16, 2025 2:41 PM

views 84

ভাৰতৰ চৰকাৰী ই-মার্কেটপ্লেছ চমুকৈ-জেম এ ২০২৪-২৫ বিত্তীয় বৰ্ষত স্বাস্থ্য, জীৱন আৰু ব্যক্তিগত দুর্ঘটনাৰ ক্ষেত্ৰত ১ লাখ ৩০ হাজাৰ কোটিতকৈও বেছি বীমাক সামৰি লৈছে

ভাৰতৰ সৰ্ববৃহৎ ইণ্টাৰনেট ক্রয় বিক্রয় স্থান চৰকাৰী ই-মার্কেটপ্লেছ চমুকৈ-জেম এ ২০২৪-২৫ বিত্তীয় বৰ্ষত স্বাস্থ্য, জীৱন, আৰু ব্যক্তিগত দুর্ঘটনাৰ ক্ষেত্ৰত ১ লাখ ৩০ হাজাৰ কোটিতকৈও বেছি বীমাক সামৰি লৈছে। এটা বিবৃতিত বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ তথ্যই জনাইছে যে একেটা বিত্তীয় বৰ্ষতে প্রতিষ্ঠানটোৱে ১০ লাখ মানুহ নিয়োগ কৰিছে। এই সাফল্যৰ বিষয়ে প্রকাশ কৰি জেমৰ মুখ্য কাৰ্যবাহী অজয় ভাদুৱে কয়, যে এই প্রতিষ্ঠানে জনসাধাৰণক সুৰক্ষিত আৰু বহনসাধ্য সমাধান দিবলৈ প্ৰতিশ্রুতিবদ্ধ।

March 29, 2024 9:52 PM

views 55

চৰকাৰী ই-মার্কেট প’ৰ্টেল জি ই এমৰ মাধ্যমেৰে চলিত বিত্তীয় বৰ্ষত ৪ লাখ কোটি টকাৰ ব্যৱসায়

চৰকাৰী ই-মার্কেট প'ৰ্টেল জি ই এমৰ মাধ্যমেৰে চলিত বিত্তীয় বৰ্ষত মুঠ ৪ লাখ কোটি টকাৰ অভিলেখ পৰিমাণৰ ব্যৱসায় হৈছে। এই পৰিমাণ যোৱা বিত্তীয় বৰ্ষৰ তুলনাত দুগুণ। নতুন দিল্লীত আজি সংবাদমাধ্যমৰ সৈতে হোৱা কথা-বতৰাত জি ই এমৰ মুখ্য কাৰ্যবাহী বিষয়া পি কে সিঙে কয় যে, ইয়াৰ পৰা জি ই এম পৰ্টেলৰ অনন্য ডিজিটীয় সামৰ্থ আৰু কাৰ্য দক্ষতাৰ বাবে যে ৰাজহুৱা ক্রয় ব্যৱস্থা অধিক স্বচ্ছ, দক্ষ আৰু বাধাৰহিত হৈ উঠিছে সেয়া প্ৰতিফলিত হৈছে। তেওঁ কয় যে, জি ই এমৰ মাধ্যমেৰে হোৱা ব্যৱসায়ত প্রায় ৫০ শতাংশ সেৱাখণ্ডৰো অৱদান আছ...