September 27, 2024 8:00 PM September 27, 2024 8:00 PM
6
ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন চলিত বিত্তীয় বৰ্ষত ৬.৫%ৰ পৰা ৭% অৰ্জনৰ লক্ষ্য স্থিৰ কেন্দ্ৰৰ
ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন চলিত বিত্তীয় বৰ্ষত ৬ দশমিক ৫ শতাংশৰ পৰা ৭ শতাংশ অৰ্জনৰ লক্ষ্য স্থিৰ কৰা হৈছে। বিত্ত মন্ত্ৰ্যালয়ে কালি আগষ্ট মাহৰ বিত্তীয় সমীক্ষা অনুসৰি এই কথা প্ৰকাশ কৰিছে। চলিত বিত্তীয় বৰ্ষত প্রথম ত্রিমাষিকত কৃষিখণ্ডক বাদ দি আন গুৰুত্বপূৰ্ণ খণ্ডসমূহত ৫ শতাংশৰো অধিক বৃদ্ধি হৈছে। আগষ্ট মাহত খুচুৰা মুদ্রাস্ফীতি ৩ দশমিক ৭ শতাংশ হৈছে। প্ৰতিবেদন অনুসৰি মুদ্রাস্ফীতিৰ হাৰ ইতিবাচক বুলি প্ৰকাশ কৰা হৈছে। বতৰ অস্বাভাৱিক পৰিৱৰ্তনৰ ফলত গ্ৰাম্য আয় মধ্যমীয়া হৈ থাকিব। অৱশ্যে গোলকীয় অর্থব্যৱস্থা সন...