August 17, 2024 11:02 AM

views 41

গাজাৰ যুদ্ধবিৰতি সন্দৰ্ভত ডোহাত অনুষ্ঠিত শেহতীয়া আলোচনাত অগ্ৰগতি অবিহনে সামৰণি

গাজাৰ যুদ্ধবিৰতি সন্দৰ্ভত ডোহাত অনুষ্ঠিত শেহতীয়া আলোচনা কোনো অগ্রগতি নোহোৱাকৈ অন্ত পৰিছে। কাটাৰ, আমেৰিকা আৰু ইজিপ্তে যৌথ বিবৃতিযোগে কৈছে যে ৱাশ্বিংটনে যোৱা সপ্তাহত চুক্তিৰ ওপৰত আধাৰিত নতুন প্ৰস্তাৱ দাখিল কৰিছে। যৌথ বিবৃতিটোত কোৱা হৈছে যে ডোহাত যুদ্ধবিৰতি সম্পৰ্কীয় আলোচনা গুৰুতৰ আৰু গঠনমূলক আছিল। লগতে বিবৃতিত উল্লেখ কৰা হৈছে যে কাটাৰ, আমেৰিকা আৰু ইজিপ্তৰ মাজত অহা সপ্তাহৰ পূৰ্বে কায়ৰোত আন এলানি আলোচনা অনুষ্ঠিত হ'ব। তিনিওখন দেশে হামাছ আৰু ইজৰাইলৰ মাজত চুক্তি সম্পাদনৰ মধ্যস্থতাকাৰী হিচাপে কাম কৰি...