June 9, 2024 7:53 PM

views 12

গাজাত হামাছৰ বন্দীত্বৰ পৰা চাৰিজন পনবন্দীক সফলতাৰে উদ্ধাৰ ইজৰাইলৰ

ইজৰাইলে নুচেইৰাটত চলোৱা অভিযানৰ সময়ত গাজাত হামাছৰ বন্দীত্বৰ পৰা চাৰিজন পনবন্দীক সফলতাৰে উদ্ধাৰ কৰাৰ কথা ঘোষণা কৰিছে। যোৱা বছৰৰ ৭ অক্টোবৰত নোভা সংগীত মহোৎসৱৰ হামাছ সন্ত্ৰাসবাদী সংগঠনে চাৰিওজনকে পনবন্দী কৰি লৈছিল। কৰ্তৃপক্ষই জনোৱা মতে, মধ্য গাজা ষ্ট্ৰীপত এক জটিল বিশেষ অভিযানত চাৰিওজনক উদ্ধাৰ কৰা হৈছে। পনবন্দীসকলৰ স্বাস্থ্যৰ অৱস্থা উন্নত আছিল আৰু অধিক স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে ।