May 27, 2025 2:24 PM

views 21

শিল্পী গায়ত্ৰী হাজৰিকাৰ স্মৃতিত ডিব্ৰুগড়ত শিল্পী সমাজৰ শ্রদ্ধাঞ্জলি

ডিব্ৰুগড়ৰ শিল্পী সমাজে সদ্যপ্রয়াত শিল্পী গায়ত্ৰী হাজৰিকাৰ স্মৃতিত শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। ডিব্ৰুগড় সাহিত্য সভা ভৱনত আয়োজিত এই শ্রদ্ধাঞ্জলি অনুষ্ঠানত বিশিষ্ট সংগীতজ্ঞ ৰাজেন গোহাঁই প্ৰমুখ্যে কেইবাগৰাকীও শিল্পী তথা বিশিষ্ট ব্যক্তিয়ে প্রয়াত শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সোণোৱাল কছাৰী সাহিত্য সভাইও শিল্পীগৰাকীক মৰণোত্তৰভাৱে সংগীত সৰস্বতী উপাধিৰে বিভূষিত কৰাৰ সিদ্ধান্ত লৈছে। সাহিত্য সভাৰ বৈঠকত সর্বসম্মতিক্রমে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

May 26, 2025 7:09 PM

views 22

শিল্পী গায়ত্রী হাজৰিকাক মৰণোত্তৰভাৱে সংগীত সৰস্বতী উপাধিৰে বিভূষিত কৰাৰ সিদ্ধান্ত সোণোৱাল কছাৰী সাহিত্য সভাৰ

সোণোৱাল কছাৰী সাহিত্য সভাই শিল্পী গায়ত্রী হাজৰিকাক মৰণোত্তৰভাৱে সংগীত সৰস্বতী উপাধিৰে বিভূষিত কৰাৰ সিদ্ধান্ত লৈছে। সভাৰ বৈঠকত সৰ্বসম্মতিক্রমে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। সভাৰ ২০২৫-২০২৭ বৰ্ষৰ নৱনিৰ্বাচিত পূৰ্ণাংগ সমিতিখনে কালি ডিব্ৰুগড়ত আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰে। এই অনুসৰি মোহন সোণোৱালক সভাপতি আৰু মৃদুল সোণোৱালক সম্পাদক হিচাপে লৈ গঠিত সমিতিখনে সভাৰ প্ৰতিষ্ঠাপক সভাপতি গুণেশ্বৰ সোণোৱালৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত শপত গ্ৰহণ কৰে। এই সভাত সোণোৱাল কছাৰীৰ স্বায়ত্ত শাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবা...