August 4, 2025 12:48 PM August 4, 2025 12:48 PM
7
২০২৬ৰ বিধানসভা নিৰ্বাচনত জনসাধাৰণে কংগ্ৰেছ দলটো পুনৰ শাসনলৈ অহালৈ বাট চাইছে বুলি গৌৰৱ গগৈৰ মন্তব্য
বিজেপি চৰকাৰে বৃহৎ কৰ্পোৰেট গোষ্ঠীৰ হকে কাম কৰে বুলি অভিযোগ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে ৰাজ্যৰ জনসাধাৰণে ২০২৬ৰ বিধানসভা নিৰ্বাচনত পুনৰ পুৰণি দলটো শাসনলৈ অহালৈ বাট চাইছে বুলি মন্তব্য কৰে। গুৱাহাটীত অনুষ্ঠিত অসম প্ৰদেশ কংগ্ৰেছৰ এখন বর্ধিত কাৰ্যনিৰ্বাহক সভাৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীগগৈয়ে এইদৰে কয়। তেওঁ লগতে বিজেপিৰ চৰকাৰে অসমৰ জনসাধাৰণক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰাত ব্যৰ্থ হৈছে বুলিও অভিযোগ কৰে। অহা ছেপ্তেম্বৰৰ পৰা কংগ্ৰেছে সমগ্ৰ ৰাজ্যতে শক্তিশালী ৰূপত সাংগঠনিক ...