August 4, 2025 12:48 PM

views 18

২০২৬ৰ বিধানসভা নিৰ্বাচনত জনসাধাৰণে কংগ্ৰেছ দলটো পুনৰ শাসনলৈ অহালৈ বাট চাইছে বুলি গৌৰৱ গগৈৰ মন্তব্য

বিজেপি চৰকাৰে বৃহৎ কৰ্পোৰেট গোষ্ঠীৰ হকে কাম কৰে বুলি অভিযোগ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে ৰাজ্যৰ জনসাধাৰণে ২০২৬ৰ বিধানসভা নিৰ্বাচনত পুনৰ পুৰণি দলটো শাসনলৈ অহালৈ বাট চাইছে বুলি মন্তব্য কৰে। গুৱাহাটীত অনুষ্ঠিত অসম প্ৰদেশ কংগ্ৰেছৰ এখন বর্ধিত কাৰ্যনিৰ্বাহক সভাৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীগগৈয়ে এইদৰে কয়। তেওঁ লগতে বিজেপিৰ চৰকাৰে অসমৰ জনসাধাৰণক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰাত ব্যৰ্থ হৈছে বুলিও অভিযোগ কৰে। অহা ছেপ্তেম্বৰৰ পৰা কংগ্ৰেছে সমগ্ৰ ৰাজ্যতে শক্তিশালী ৰূপত সাংগঠনিক ...

July 3, 2025 7:11 PM

views 26

যাত্ৰীবাহী ৰে’লগাড়ীৰ পূৰ্বৰ অৱস্থা বাহাল কৰিবলৈ ৰে’ল ব’ৰ্ডক আহ্বান গৌৰৱ গগৈৰ

সাংসদ গৌৰৱ গগৈয়ে ক’ভিদ মহামাৰীৰ সময়ছোৱাত উত্তৰ-পূব সীমান্ত ৰে'লৱেই ষ্টপেজ প্ৰত্যাহাৰ কৰা সকলোবোৰ যাত্ৰীবাহী ৰে’লগাড়ীৰ পূৰ্বৰ অৱস্থা বাহাল কৰিবলৈ ৰে'ল ব'ৰ্ডক আহ্বান জনাইছে। ৰে’ল ব’ৰ্ডৰ অধ্যক্ষ সতীশ কুমাৰলৈ লিখা এখন পত্ৰত সাংসদগৰাকীয়ে ডিব্ৰুগড় টাউন ৰে'ল ষ্টেচনটোক অমৃত ভাৰত ৰে'ল ষ্টেচন আঁচনিৰ অন্তৰ্ভুক্ত কৰি ইয়াক পুনৰ বিকশিত কৰিবলৈ ৰে'ল ব'ৰ্ডক অনুৰোধ জনাইছে। সাংসদগৰাকীয়ে চৰাইদেউ জিলাৰ লংপতীয়া আৰু ডিব্ৰুগড় জিলাৰ ডুমডুমা ৰে'ল ষ্টেচন দুটা পুনৰ মুকলি কৰা, ধামাল গাঁও ৰে'ল ষ্টেচনত টার্মিনেল ষ্টে...