October 21, 2025 11:48 AM

views 15

ৰাষ্ট্ৰীয় ঘাইপথ নির্মাণত অনিয়মৰ অভিযোগ কৰি কেন্দ্রীয় মন্ত্রী নীতিন গাডকাৰীলৈ যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ পত্ৰ প্ৰেৰণ

ৰাজ্যখনত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত অনিয়ম হোৱা বুলি অভিযোগ উত্থাপন কৰি যোৰহাটৰ সাংসদ তথা অসম প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ দপ্তৰৰ মন্ত্রী নীতিন গাডকাৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে। এই পত্ৰত শ্রী গগৈয়ে যোৰহাট ডিব্ৰুগড় ৰাষ্ট্ৰীয় ঘাইপথ নির্মাণক কাম কাজ লেহেমীয়া হোৱাৰ ফলত উজনি অসমৰ ৰাইজৰ ভীষণ সমস্যা হৈছে বুলি উল্লেখ কৰে। ৩১ ডিচেম্বৰৰ ভিতৰত এই প্ৰকল্পৰ কাম সম্পূর্ণ কৰা হ'ব বুলি কোৱা হৈছিল যদিও ঘাইপথটোৰ বৃহৎ অংশ অসম্পূর্ণ হৈ থকাৰ বিষয়টো সাংসদগৰাকীয়ে মন্ত্ৰীগৰাকীক দৃষ্টিগোচ...