November 15, 2025 6:17 PM

views 33

আজাৰাৰ ঠাকুৰনি গাঁৱত গুৱাহাটী বিশ্ববিদ্যালয়ৰ এন এছ এছ কোষৰ গছপুলি ৰোপণ কাৰ্যসূচী

গুৱাহাটী বিশ্ববিদ্যালয়ৰ এন এছ এছ কোষে লৌহ মানৰ চৰ্দাৰ বল্লৱভাই পেটেলৰ জয়ন্তী উপলক্ষে আজি আজাৰাৰ ঠাকুৰনি গাঁৱত গছপুলি ৰোপণৰ কাৰ্যসূচী ৰূপায়ণ কৰে। বিশ্ববিদ্যালয়খনৰ ছাত্ৰ কল্যাণ সঞ্চালক ড০ ৰঞ্জন কুমাৰ কাকতিয়ে এটি নাহৰৰ পুলি ৰোপণেৰে এই কাৰ্যসূচী উদ্বোধন কৰি ছাত্র-ছাত্রী তথা গাঁৱৰ ৰাইজক গোলকীয় উত্তাপ বৃদ্ধি ৰোধৰ ক্ষেত্ৰত গছ-গছনিৰ অৱদান বিষয়ক ভাষণ আগবঢ়ায়। অনুষ্ঠানৰ লগত সংগতি ৰাখি গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদতো শতাধিক গছপুলি ৰোপণ কৰা হয়।

June 8, 2025 12:14 PM

views 39

পাৰমাণৱিক শক্তিৰ বিৰল পৰীক্ষা সফলতাৰে সম্পন্ন কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষকৰ চমকপ্ৰদ সাফল্য

গুৱাহাটী বিশ্ববিদ্যালয়ৰ এদল গৱেষকে পাৰমাণৱিক শক্তিৰ বিৰল পৰীক্ষা সফলতাৰে সম্পন্ন কৰি চমকপ্রদ সাফল্য কঢ়িয়াই আনিছে। গৱেষকৰ দলটোৱে পদাৰ্থৰ মৌলিক কণিকাৰ মাজত সংঘর্ষ ঘটাই এই অভিনৱ পৰীক্ষা সম্পন্ন কৰে। ইয়াৰ লগে লগে বিশ্ববিদ্যালয়খনে ছুপাৰকণ্ডাক্টিং চাইক্ল’টন ব্যৱহাৰ কৰি পৰীক্ষা-নিৰীক্ষা চলোৱা দেশৰ প্ৰথমখন প্ৰতিষ্ঠান হিচাপে স্বীকৃতি লাভ কৰিছে। এই অধ্যয়নৰ জৰিয়তে গধূৰ মৌলৰ সংশ্লেষণ বৃদ্ধি হোৱাৰ লগতে পাৰমাণৱিক ৰিয়েক্টৰ গঠনৰ সম্ভাৱনাৰ বাট প্রশস্ত কৰিব বুলি গৱেষকসকলে আশা প্রকাশ কৰিছে। উল্লেখযোগ্য এই ...

July 29, 2024 7:53 PM

views 33

ৰাজ্যপাল গুলাবচান্দ কাটাৰীয়াই আজি ৰাজ্যৰ তিনিগৰাকী নৱনিযুক্ত উপাচাৰ্যক শপতগ্ৰহণ কৰোৱায়

পাঞ্জাবৰ ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰা ৰাজ্যপাল গুলাবচান্দ কাটাৰীয়াই আজি ৰাজভৱনত আয়োজিত এটা অনুষ্ঠানত ৰাজ্যৰ তিনিগৰাকী নৱনিযুক্ত উপাচাৰ্যক শপতগ্ৰহণ কৰোৱায়। অধ্যাপক ড০ ননীগোপাল মহন্তক গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰূপে, ধনপতি ডেকাক ভট্টদেৱ বিশ্ববিদ্যালয়ৰ আৰু মানবেন্দ্ৰ দত্ত চৌধুৰীক ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ নতুন উপাচার্য হিচাপে আজি শপতগ্ৰহণ কৰোৱা হয় ৷  এই অনুষ্ঠানত উপস্থিত থাকি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে তিনিওগৰাকী উপাচাৰ্যক অভিনন্দন জ্ঞাপন কৰাৰ লগতে পৰৱৰ্তী কার্যকালৰ সফলতা ...

June 23, 2024 12:43 PM

views 44

ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদৰ ২৬ৰ পৰা ২৮ জুনলৈকে গুৱাহাটী বিশ্ববিদ্যালয় নিৰীক্ষণ

গুৱাহাটী বিশ্ববিদ্যালয়ে চতুৰ্থ চক্ৰৰ মূল্যায়ন আৰু স্বীকৃতি প্ৰদানৰ বাবে আহিবলগীয়া ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদক আদৰিবলৈ সাজু হৈছে। বিশ্ববিদ্যায়খনৰ মূল্যায়নৰ বাবে অহা ২৬ৰ পৰা ২৮ জুনলৈকে ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদৰ দলটোৱে বিশ্ববিদ্যালয়ৰ যাৱতীয় কার্যকলাপ সম্বন্ধে নিৰীক্ষণ কৰিব। প্ৰতিটো বিভাগৰে ছাত্ৰ-ছাত্ৰীৰ লগতে দলটোৱে শৈক্ষিক দিশৰ বিষয়েও পৰিদৰ্শন কৰিব। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ প্রতাপজ্যোতি সন্দিকৈয়ে মূল্যায়নৰ সময়ছোৱাত বিশ্ববিদ্যালয়ৰ সংশ্লিষ্ট সকলোকে ...