August 27, 2025 8:48 PM August 27, 2025 8:48 PM
7
গণেশ চতুর্থী উপলক্ষে ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন
পৱিত্ৰ গণেশ চতুর্থী উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ৰাষ্ট্ৰপতিয়ে কয়, যে এই উৎসৱত প্রজ্ঞা আৰু বিচক্ষণতাৰ দেৱতা গণেশৰ জন্মবার্ষিকী অতি আনন্দ আৰু ভক্তিৰে পালন কৰা হয়। বাধা-বিঘিনি নাশ কৰা ভগৱান গণেশে ৰাষ্ট্ৰৰ প্ৰগতিৰ পথ প্ৰদৰ্শন কৰি যাব বুলি তেওঁ আশা প্রকাশ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে শক্তিশালী আৰু আত্মনিৰ্ভৰশীল ৰাষ্ট্ৰ গঢ়ি তোলাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হ'বলৈও ৰাইজলৈ আহ্বান জনায়। প্রধানম...