September 7, 2024 6:12 PM September 7, 2024 6:12 PM
3
দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো ধৰ্মীয় ৰীতি-নীতিৰে গণেশ পূজা পালন
দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আজি ধৰ্মীয় ৰীতি-নীতি আৰু উৎসাহ-উদ্দীপনাৰে সিদ্ধি দাতা, বিঘিনি নাশক গণেশ দেৱতাৰ পূজা-অৰ্চনা কৰা হৈছে। এই উপলক্ষে আজি গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গণেশ মন্দিৰসমূহত অগণন ভক্তৰ সমাগম পৰিলক্ষিত হয়। গুৱাহাটী মহানগৰীৰ লতাশিল, গণেশগুৰি আৰু খানাপাৰাৰ গণেশ মন্দিৰত পুৱাতে সিদ্ধিদাতাৰ পূজা-অৰ্চনাৰ বাবে ভক্তৰ দীঘলীয়া শাৰী পৰিলক্ষিত হয়। গণেশ চতুর্থী উপলক্ষে গণেশ মন্দিৰসমূহত বিভিন্ন ধৰ্মীয় কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ কামাৰদ...