March 9, 2025 11:22 AM

views 15

গাজাৰ পুনৰ নিৰ্মাণত আৰবৰ পৰিকল্পনাৰ প্ৰতি ফ্রান্স, জার্মানী, ইটালী আৰু ব্ৰিটেইনৰ সমর্থন

গাজাৰ পুনৰ নিৰ্মাণৰ বাবে আৰবে আগবঢ়োৱা পৰিকল্পনাৰ প্ৰতি ফ্রান্স, জার্মানী, ইটালী আৰু ব্ৰিটেইনে সমর্থন জনাইছে। ৫৩ বিলিয়ন মার্কিন ডলাৰৰ এই পৰিকল্পলাৰ জৰিয়তে গাজাত পেলেষ্টাইন নাগৰিকসকলক স্থানান্তৰ নকৰাকৈ পুনৰ নিৰ্মাণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। চাৰিওখন দেশৰ বিদেশ মন্ত্ৰীসকলে কালি জাৰি কৰা এটা যুটীয়া বিবৃতিত এই সিদ্ধান্ত গাজাৰ পুনৰ নিৰ্মাণৰ বাবে বাস্তৱ সন্মত পথ বুলি অভিহিত কৰে। এই সিদ্ধান্তৰ ৰূপায়ণে জীৱন-ধাৰণৰ মান আৰু বহনক্ষম উন্নয়নৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিব বুলি তেওঁলোকে প্ৰকাশ কৰে।

October 30, 2024 12:03 PM

views 29

গাজা ষ্ট্ৰিপত স্থায়ী যুদ্ধবিৰতিৰ বাবে যিকোনো চুক্তিৰ আগ্ৰহী হামাছ

গাজা ষ্ট্ৰিপত স্থায়ী যুদ্ধবিৰতিৰ বাবে যিকোনো চুক্তিৰ বাবে হামাছে আগ্ৰহ প্ৰকাশ কৰিছে। হামাছৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কালি কয় যে এই চুক্তিৰ বাবে কিছুমান নির্দিষ্ট চর্ত থাকিব। ইয়াৰ ভিতৰত সমগ্ৰ গাজা ষ্ট্রিপৰ পৰা ইজৰাইলী সেনা প্রত্যাহাৰ কৰা, অৱৰোধ প্ৰত্যাহাৰ কৰা, আৰু সাহায্য, সমৰ্থন আৰু আশ্ৰয়ৰ ব্যৱস্থা কৰাৰ লগতে বন্দী বিনিময় চুক্তিও অন্তর্ভুক্ত হ'ব লাগিব। আনহাতে, ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাটাহ অল চিছিয়ে দেওবাৰে গাজাত দুদিনীয়া যুদ্ধবিৰতিৰ প্ৰস্তাৱ ঘোষণা কৰি চাৰিজন ইজৰাইলী পণবন্দীক পেলেষ্টাইনী ব...