May 9, 2025 11:45 AM

views 139

গহপুৰ-নুমলীগড় সংযোগী ৰাজ্যৰ প্ৰথমটো সুৰংগ পথ নিৰ্মাণৰ সকলো দিশতে সুৰক্ষা ক্ৰয় পৰিষদৰ অনুমোদন

ৰাজ্যৰ প্ৰথমটো সুৰংগ পথ গহপুৰ-নুমলীগড় সংযোগী ৩৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথচোৱাৰ নিৰ্মাণ কাৰ্য শীঘ্ৰে আৰম্ভ হ'ব। সুৰক্ষা পথটোৰ নিৰ্মাণৰ ক্ষেত্ৰত সুৰক্ষা ক্ৰয় পৰিষদে সকলো দিশতে অনুমোদন জনোৱা বুলি গহপুৰৰ বিধায়ক উৎপল বড়াই জানিবলৈ দিছে। অহা বিধানসভা নিৰ্বাচনৰ পূৰ্বে কাম আৰম্ভ হ'বলগীয়া প্ৰকল্পটোৰ বাবে চলিত বৰ্ষৰ অক্টোবৰ-নৱেম্বৰ মাহত নিবিদা প্ৰকাশ পাব বুলি তেওঁ মন্তব্য কৰে। লুই বাৰ্জাৰ প্ৰতিষ্ঠানে প্ৰস্তুত কৰা ১৫ হাজাৰ ১৭৪ কোটি টকাৰ ডি পি আৰ আৰু বৃহৎ প্ৰকল্পটোৱে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন লাভ ক...