October 24, 2025 12:43 PM October 24, 2025 12:43 PM
66
গগণযানৰ ৯০ শতাংশ কাম সম্পূর্ণ হৈছে বুলি ইছৰোৰ অধ্যক্ষৰ প্ৰকাশ
গগণযান অভিযানৰ মানৱৰহিত পৰীক্ষামূলক উৎক্ষেপণ জি ৱানৰ ৯০ শতাংশ কাম সম্পূর্ণ হৈছে আৰু ডিচেম্বৰৰ প্ৰথম সপ্তাহত ইয়াৰ উৎক্ষেপণৰ বাবে সাজু হৈছে বুলি ভাৰতীয় মহাকাশ গবেষণা সংস্থা ইছৰোৰ অধ্যক্ষ ড° ভি. নাৰায়ণনে প্রকাশ কৰিছে। বাংগালুৰুত কালি সাংবাদিকৰ আগত ড° নাৰায়ণনে কয়, যে ক্রু এছকেপ ব্যৱস্থা, পেৰাছুট ব্যৱস্থা, যোগাযোগ ব্যৱস্থা আৰু অন্যান্য উপ ব্যৱস্থাসমূহৰ পৰীক্ষা সফলতাৰে সম্পন্ন হৈছে। তেওঁ কয়, যে প্রথমে মানৱৰহিত অভিযানৰ অংশ হিচাপে ব্যোমমিত্ৰ নামৰ মানৱ আকৃতিৰ ৰবট মহাকাশলৈ প্ৰেৰণ কৰা হ'ব। ২০২৭ চনত গগণযানত...