July 8, 2025 8:33 PM July 8, 2025 8:33 PM
5
ৰাষ্ট্ৰীয় ঘাইপথসমূহ পৰিবেশ অনুকুল কৰি তোলাৰ বাবে কেন্দ্ৰৰ ভালেমান পদক্ষেপ
চৰকাৰে কাৰ্বনৰ নিৰ্গমন হ্ৰাস কৰা আৰু ৰাষ্ট্ৰীয় ঘাইপথসমূহ পৰিবেশ অনুকুল কৰি তোলাৰ বাবে ভালেমান পদক্ষেপ লৈছে। এনে পদক্ষেপৰ অংশ হিচাপে সমগ্ৰ দেশত বৰ্তমানলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে ৪ কোটি ৭৮ লাখৰো অধিক গছৰ পুলি ৰোপণ কৰা হৈছে আৰু ৭০ হাজাৰ গছ স্থানান্তৰিত কৰা হৈছে। ফৰিদাবাদ-নয়দা আন্তৰাষ্ট্ৰীয় বিমানবন্দৰৰ কৰিড'ৰত এক পেড় মা কে নাম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ অধীনত এটা সমাৰোহত ভাষণ দি কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি এইকথা প্ৰকাশ কৰে। তেওঁ কয় যে ২০২৪-২৫ বৰ্ষৰ ৬০ লাখ গছপু...