November 18, 2024 8:08 PM

views 24

ব্রাজিলৰ ৰিঅ’ ডি জেনেৰিঅ’ত ১৯ সংখ্যক জি-২০ শীৰ্ষ সন্মিলন আৰম্ভ

ব্রাজিলৰ ৰিঅ' ডি জেনেৰিঅ'ত আজি ১৯ সংখ্যক জি-২০ শীৰ্ষ সন্মিলন আৰম্ভ হৈছে। কিছু সময় পূর্বে এই সন্মিলনত ভাগ লোৱাৰ উদ্দেশ্যেৰে ৰিঅ'ত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰবাসী ভাৰতীয়সকলে উষ্ম আদৰণি জনায়। শ্রীমোদী, আমেৰিকা ৰাষ্ট্ৰপতি জ' বাইডেন আৰু চীনৰ ৰাষ্ট্ৰপতি জি জিনপিং হৈছে জি-২০ সন্মিলনত আজি আৰু কাইলৈ অংশগ্ৰহণ কৰিবলগীয়া নেতাসকলৰ মাজৰ অন্যতম। উল্লেখযোগ্য যে ভাৰত, ব্ৰাজিল আৰু দক্ষিণ আফ্ৰিকা জি-২০ ত্রোইকাৰ অংশ আৰু দেশ তিনিখনে জি-২০ শীৰ্ষ সন্মিলনৰ আলোচনাত সক্রিয়ভাৱে অংশগ্ৰহণ কৰি আহিছে। স...

April 1, 2024 10:51 AM

views 16

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত G-20ৰ কাৰ্যসূচী ৰাজনৈতিক আৰু অর্থনৈতিক পুনৰভাৰসাম্যতাৰ উদাহৰণঃ বিদেশ মন্ত্রী জয়শংকৰ

বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত G-20ৰ কাৰ্যসূচিক ৰাজনৈতিক আৰু অর্থনৈতিক পুনৰভাৰসাম্যতাৰ উদাহৰণ বুলি অভিহিত কৰিছে। ৰাষ্ট্ৰীয় ৰাজধানীত কালি সভ্যতা ফাউণ্ডেচনৰ দ্বাৰা আয়োজিত দেলহি হেৰিটেজ শীৰ্ষক কাৰ্যসূচীত ভাষণ দি ড০ জয়শংকৰে কয় যে, G-20ত আমাৰ অধ্যক্ষতা সমগ্র দেশে উদযাপন কৰিছে। বিভিন্ন দিশৰ পৰা এয়া আছিল আমাৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক পুনৰভাৰসাম্যতাৰ উদাহৰণ, য'ত বিশ্বক নেতৃত্ব দিয়া তথা প্ৰভাৱিত কৰা কেতবোৰ দেশৰ পৰিৱৰ্তে দেশৰ পৰিসৰ ব্যাপক হৈছে। এই ক্ষেত্ৰত ভাৰতৰ ভূমিকা স্পষ্টভা...