June 17, 2025 7:49 PM June 17, 2025 7:49 PM
24
কানাডাত অনুষ্ঠিত জি-৭ শীর্ষ সন্মিলন আধাতে সামৰি ৱাছিংটনলৈ প্ৰত্যাৱৰ্তন
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে ইজৰাইল আৰু ইৰানৰ মাজৰ বৰ্ধিত সংঘৰ্ষৰ বাবে কানাডাত অনুষ্ঠিত জি-ছেভেন শীর্ষ সন্মিলন আধাতে সামৰি ৱাছিংটনলৈ উভতি গৈছে। বিশ্বনেতাসকলে পশ্চিম এছিয়াৰ উত্তেজনা হ্ৰাস কৰাৰ আহ্বান জনাই যুটীয়া বিবৃতি জাৰি কৰা কেইঘণ্টামানৰ পিছতে শ্ৰীট্টাম্পে বৈঠক সামৰি আমেৰিকালৈ বুলি ৰাওনা হয় ৷ ট্রাম্পে জি চেভেন ৰাষ্ট্ৰগোষ্ঠীৰ সতীৰ্থ নেতাসকলক ইৰান আৰু ইজৰাইলৰ মাজত যুদ্ধবিৰতিৰ বাবে অব্যাহত থকাৰ বিষয়ে প্ৰকাশ কৰা বুলি ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ই জানিবলৈ দিছে। শ্রীট...