November 20, 2024 11:35 AM
13
বহনক্ষম উন্নয়ন আৰু শক্তি সৰবৰাহ সম্পৰ্কীয় প্ৰথম সত্ৰত প্রধানমন্ত্ৰীৰ ভাষণ
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জি-২০ শীর্ষ সন্মিলনৰ কালি দ্বিতীয় দিনা বহনক্ষম উন্নয়ন আৰু শক্তি সৰবৰাহ সম্পৰ্কীয় প্ৰথম সত্ৰত ভাষণ দিয়ে। শ্রীমোদীয়ে কয়, যে নতুন দিল্লীত অনুষ্ঠিত জি-২০ শীর্ষ সন্মিলনৰ সময়ত ৰাষ্ট্ৰগোষ্ঠীটোৱে ২০৩০ চনৰ ভিতৰত নবীকৰণযোগ্য শক্তি সামর্থ্য্য তিনি গুণলৈ আৰু শক্তি দক্ষতা দুগুণলৈ বৃদ্ধি কৰিবলৈ সংকল্প গ্রহণ লৈছিল। তেওঁ লগতে বহনক্ষম উন্নয়নৰ এই অগ্ৰাধিকাৰসমূহ আগুৱাই লৈ যাবলৈ ব্ৰাজিলে গ্ৰহণ কৰা সিদ্ধান্তৰ প্ৰতি আদৰণি জনায়। প্রধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত বহনক্ষম উন্নয়ন ত্বৰা...