November 22, 2025 8:58 PM November 22, 2025 8:58 PM
5
গোলকীয় উন্নয়নৰ মাপকাঠীসমূহ পুনৰ বিবেচনা কৰাৰ ওপৰত গুৰুত্ব আৰোপ প্রধানমন্ত্রীৰ
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে গোলকীয় উন্নয়নৰ মাপকাঠীসমূহ পুনৰ বিবেচনা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দক্ষিণ আফ্রিকাৰ জোহান্সবার্গত অনুষ্ঠিত জি-২০ সম্মিলনৰ প্ৰথম সত্ৰত ভাষণ দি কয়, যে জি-২০য়ে গোলকীয় পর্যায়ত বিত্ত আৰু বিকাশক এটা স্থিতি দিছে কিন্তু বৰ্তমানৰ জি-২০ৰ আৰ্হিয়ে গৰিষ্ঠসংখ্যক লোকক সা-সুবিধাৰ পৰা বঞ্চিত ৰাখিছে। তেওঁ কয়, যে ইয়াৰ ফলত ব্যাপক হাৰত প্ৰকৃতি ধংস হৈছে, বিশেষকৈ আফ্রিকা মহাদেশত ইয়াৰ প্ৰভাব অধিক দেখা গৈছে। প্রধানমন্ত্রী মোদীয়ে কয়, যে নতুন দিল্লীত অনুষ্ঠিত জ...