November 26, 2024 7:52 PM

views 14

১৫খন ৰাজ্যৰ দুৰ্যোগ প্রশমন আৰু সামৰ্থ্য বৃদ্ধিৰ বাবে ১,১১৫ কোটিৰো অধিক টকা আবণ্টন

অসমকে ধৰি উত্তৰ-পূবৰ আঠোখন ৰাজ্যৰ লগতে দেশৰ মুঠ ১৫খন ৰাজ্যৰ দুৰ্যোগ প্রশমন আৰু সামৰ্থ্য বৃদ্ধি প্ৰকল্পৰ বাবে কেন্দ্ৰীয় চৰকাৰে এহেজাৰ ১১৫ কোটিৰো অধিক টকা আবণ্টনত অনুমোদন জনাইছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাৰ এখন উচ্চ পৰ্যায়ৰ সমিতিয়ে এই পুঁজিৰ অনুমোদন দিয়ে। সমিতিখনে উত্তৰ-পূৰ্বাঞ্চলৰ ৮ খন ৰাজ্যৰ বাবে ৩৭৮ কোটি, উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশৰ বাবে ১৩৯ কোটি টকাকৈ, মহাৰাষ্ট্ৰৰ বাবে ১০০ কোটি, কৰ্ণাটক আৰু কেৰালাৰ বাবে ৭২ কোটি টকাকৈ আৰু তামিলনাডু আৰু পশ্চিমবংগৰ বাবে ৫০ কোটি টকাকৈ অনুমোদ...