June 16, 2024 1:59 PM

views 143

নিয়োগ সৃষ্টি আৰু বিকাশৰ ক্ষেত্ৰত এনিমেচন, ভিজুৱেল ইফেক্টছ আৰু গেমিং খণ্ডৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে শীঘ্ৰেই মুম্বাইত উৎকৰ্ষতা কেন্দ্ৰ স্থাপন কৰিবঃ এল মুৰুগন

অষ্টাদশ মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ কালি মুম্বাইত আৰম্ভ হয়। তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যমন্ত্ৰী এল মুৰুগন, মহাৰাষ্ট্ৰৰ সাংস্কৃতিক মঞ্জী সুধীৰ মুংগানটিৱাৰকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি এই অনুষ্ঠানত উপস্থিত থাকে। এই উপলক্ষে দিয়া ভাষণ ড° মুৰুগনে কয় যে, নিয়োগ সৃষ্টি আৰু বিকাশৰ ক্ষেত্ৰত এনিমেচন, ভিজুৱেল ইফেক্টছ আৰু গেমিং খণ্ডৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে শীঘ্ৰেই মুম্বাইত এই খণ্ডৰ এটা উৎকৰ্ষতা কেন্দ্ৰ স্থাপন কৰিব। আনহাতে চৰকাৰে চলচ্চিত্ৰ সম্পৰ্কীয় আইনৰ সংশোধনৰ জৰিয়তে চুৰি কাৰ...

May 24, 2024 2:43 PM

views 8

কাঁ চলচ্চিত্ৰ মহোৎসৱত FTII পুণেৰ ছাত্ৰৰ দ্বাৰা নিৰ্মিত চলচ্চিত্ৰ, লা চিনে সন্মানৰ শীৰ্ষ বঁটা লাভ

ফিল্মছ এণ্ড টেলিভিছন ইনষ্টিটিউট অব ইণ্ডিয়া, এফ টি আই আই পুনেৰ এগৰাকী ছাত্ৰই নিৰ্মাণ কৰা এখন চলচ্চিত্রই ৭৭ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱত লা চিনে সন্মানৰ শীৰ্ষ বঁটা লাভ কৰিছে। এফ টি আই আইৰ ছাত্ৰ চিদানন্দ নায়কে পৰিচালনা কৰা চলচ্চিত্ৰখনৰ নাম হৈছে "sunflowers were the first ones to know"। লা চিনে শিতানত সমগ্ৰ বিশ্বৰ দুহেজাৰ ২৬৩খন চলচ্চিত্ৰৰ ভিতৰত কেৱল ১৮খন চলচ্চিত্রহে নির্বাচিত কৰা হৈছিল। এই সকলোবোৰ চলচ্চিত্ৰই হৈছে বিশ্বৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা নিৰ্মিত।