March 22, 2025 8:57 PM
13
অবৈধ অথবা অনলাইন গেমিঙৰ নীতি-নিয়ম পালন নকৰা ৩৫৭টা ৱেবছাইট বন্ধ সামগ্ৰী আৰু সেৱা কৰ চোৰাংচোৱা সঞ্চালকালয়ৰ
সামগ্ৰী আৰু সেৱা কৰ চোৰাংচোৱা সঞ্চালকালয়ে অবৈধ অথবা অনলাইন গেমিঙৰ নীতি-নিয়ম পালন নকৰা ৩৫৭ টা ৱেবছাইট বন্ধ কৰিছে। সঞ্চালকালয়ে বিদেশৰ পৰা পৰিচালিত অনলাইন গেমিং প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে ব্যৱস্থা তীব্ৰতৰ কৰি তুলিছে। অনলাইন মানী গেমিং উদ্যোগৰ সৈতে ঘৰুৱা আৰু বিদেশী কোম্পানী জড়িত হৈ আছে। সামগ্ৰী আৰু সেৱা কৰ চোৰাংচোৱা সঞ্চালকালয়ে বাজি ধৰা আৰু জুৱাৰ সৈতে জড়িত প্রায় ৭০০ বিদেশী কোম্পানীৰ ওপৰত নজৰ ৰাখি আছে। বিত্ত মন্ত্রালয়ে এটা বিবৃতিযোগে কৈছে যে, এই কোম্পানীকেইটা জি এছ টি সম্পৰ্কীয় পঞ্জীয়ন, কৰ আদ...