February 9, 2025 9:08 PM February 9, 2025 9:08 PM
5
মুক্তিযুঁজাৰু প্ৰয়াত নিধিৰাম চহৰীয়াৰ জন্ম শতবার্ষিকী দিনজোৰা কাৰ্যসূচীৰে মঙলদৈত অনুষ্ঠিত
দৰং জিলাৰ মঙলদৈৰ নিকটৱৰ্ত্তী চপাইত মুক্তিযুঁজাৰু প্ৰয়াত নিধিৰাম চহৰীয়াৰ জন্ম শতবার্ষিকী আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। দৰং জিলা মুক্তিযুঁজাৰু সন্মিলনৰ উদ্যোগত আৰু পৰিয়ালৰ সহযোগত চপাই যুৱ কল্যাণ কেন্দ্ৰ প্ৰাঙ্গনত আয়োজিত জন্ম শতবার্ষিকী অনুষ্ঠান উপলক্ষে মুকলি সভা অনুষ্ঠিত হয়। অনুষ্ঠানত দূৰদৰ্শনৰ এসময়ৰ বাতৰি পৰিবেশক তথা অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ড০ আৰতি কলিতাই এখন গ্ৰন্থ উন্মোচন কৰে। অনুষ্ঠানত অসম ৰাজ্যিক মুক্তিযুঁজাৰু সন্মিলনৰ উপ-সভাপতি জিতেন ভাগৱতী, লেখক কুমুদ চন্দ্ৰ ডেকা, সাহিত্যিক প...