June 26, 2024 8:54 PM

views 25

বাৰ্ষিক ২ লাখতকৈ কম উপাৰ্জন কৰাসকলৰ সন্তানক মহাবিদ্যালয় নামভৰ্তিৰ মাছুল বহন কৰাৰ সিদ্ধান্ত

ৰাজ্য চৰকাৰে ২লাখতকৈ কম বাৰ্ষিক উপাৰ্জন কৰা অভিভাৱকসকলৰ সন্তানক মহাবিদ্যালয় নামভৰ্তিৰ মাছুল বহন কৰাৰ সিদ্ধান্ত লৈছে। এই ব্যৱস্থা ৰূপায়নৰ বাবে আনুমানিক ১৫০ কোটি টকা ব্যয় কৰা হ'ব। মুখ্যমন্ত্ৰী ড০ শৰ্মাই এই কথা প্ৰকাশ কৰি কয় যে জুলাই সংশ্লিষ্ট মহাবিদ্যালয়সমূহলৈ ধন ৰাশি প্ৰেৰণ কৰা হ'ব। এই ক্ষেত্ৰত যদি কোনো শিক্ষার্থীয়ে সমস্যা সম্মুখীন হয় তেন্তে জিলা আযুক্ত অথবা শিক্ষা বিভাগৰ সৈতে বিনাদ্বিধাই যোগাযোগ কৰিব পাৰিব বুলি কোৱা হৈছে।