June 1, 2025 8:16 PM June 1, 2025 8:16 PM

views 14

পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শক্তিশালী প্রত্যুত্তৰৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ডেনমাৰ্কৰ প্ৰশংসা

জম্মু-কাশ্মীৰৰ পেহেলগামত হোৱা পাশৱিক সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰত তথা সীমান্তৰ সীপাৰৰ সন্ত্রাসবাদ নির্মূল কৰাৰ বাবে ভাৰতৰ দৃঢ় পদক্ষেপে গোলকীয় দৃষ্টি আকর্ষণ কৰিছে। ডেনমাৰ্কৰ শীর্ষস্থানীয় কূটনৈতিক বিষয়াই পাকিস্তানৰ পৃষ্ঠপোষকতাৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শক্তিশালী প্রত্যুত্তৰৰৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰে। ভাৰতৰ প্ৰাক্তন ডেনমাৰ্কৰ ৰাষ্ট্রদূত ফ্রেডি শ্বোৱানে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভাৰতৰ প্ৰকৃত ৰক্ষাকর্তা আখ্যা দি আন্তর্জাতিক মঞ্চত পাকিস্তানৰ স্বৰূপ উদঙাই দিয়াৰ কূট...