April 20, 2025 9:02 PM

views 44

দেশৰ ইকুৱিটি বজাৰত বিদেশী বিনিয়োগকাৰীৰ ৮৫০০ কোটি টকা বিনিয়োগ

বিদেশী বিনিয়োগকাৰীসকলে দেশৰ ইকুৱিটি বজাৰত ৮৫০০ কোটি টকা বিনিয়োগ কৰিছে। গোলকীয় বাণিজ্য ক্ষেত্ৰৰ প্ৰত্যাহ্বানৰ পৰা সুৰক্ষাৰ লগতে আমেৰিকান ডলাৰৰ মূল্য হ্রাস, শক্তিশালী ঘৰুৱা অৰ্থনীতি তথা বিনিয়োগকাৰীসকলৰ বিশ্বাস ঘূৰি অহাৰ জৰিয়তে বিদেশী প্রতিষ্ঠানগত বিনিয়োগকাৰীসকলৰ এই শক্তিশালী প্ৰত্যাৱৰ্তন সম্ভৱ হৈ উঠিছে। প্রকাশিত তথ্য অনুসৰি যোৱা ১৮ এপ্ৰিলত সমাপ্ত হোৱা সপ্তাহটোত ইকুৱিটি বজাৰত ৮৪৭২ কোটি টকাৰ বিদেশী বিনিয়োগ হয়।

December 22, 2024 8:22 PM

views 38

চলিত মাহত বিদেশী বিনিয়োগকাৰীৰ ভাৰতীয় মূলধনী বজাৰত ২৬ হাজাৰ কোটি টকাৰো অধিক ধন বিনিয়োগ

চলিত মাহত বিদেশী বিনিয়োগকাৰীয়ে ভাৰতীয় মূলধনী বজাৰত ২৬ হাজাৰ কোটি টকাৰো অধিক ধন বিনিয়োগ কৰে। তথ্য অনুসৰি বিদেশী প্রতিষ্ঠানগত বিনিয়োগকাৰীয়ে ভাৰতীয় ইকুইটি বজাৰত ২১,৭৮৯ কোটি টকা আৰু ঋণৰ বজাৰত ৪,৬৪৬ কোটি টকা বিনিয়োগ কৰি ভাৰতীয় মূলধনী বজাৰত মুঠ বিনিয়োগ ২৬,৪৩৫ কোটি টকালৈ বৃদ্ধি কৰে । বিগত কেইমাহমানত ধনৰ ব্যাপক বহিঃগমনৰ পাছত এই সফলতা দেখা গৈছে। যোৱা নৱেম্বৰ মাহত বিদেশী বিনিয়োগৰাকীসকলে ইকুইটি বজাৰৰ পৰা ২১,৬১২ কোটি টকা আৰু অক্টোবৰ মাহত ৯৪,০১৭ কোটি টকা ওভতাই নিছিল। আকর্ষণীয়ভাৱে ছেপ্তেম্বৰ মাহত ...