December 27, 2024 11:32 AM December 27, 2024 11:32 AM
5
প্রাক্তন প্রধানমন্ত্রী ড০ মনমোহন সিঙৰ ৯২ বছৰ বয়সত দেহাৱসান
প্রাক্তন প্রধানমন্ত্রী ড০ মনমোহন সিঙৰ কালি নতুন দিল্লীৰ অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠানত দেহাৱসান হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯২ বছৰ। বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত বর্ষীয়ান ৰাজনীতিক গৰাকী কালি সন্ধিয়া নিজ বাসভৱনত হঠাৎ সংজ্ঞাহীন হৈ পৰাৰ পাছত নিশা ৮ বজাত তেওঁক জটিল অৱস্থাত চিকিৎসালয়খনৰ জৰুৰীকালীন বিভাগত ভৰ্তি কৰোৱা হয়। অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ সূত্ৰই প্ৰকাশ কৰা মতে চিকিৎসকসকলৰ সকলো ধৰণৰ প্ৰচেষ্টা বিফল হৈ নিশা ৯ বাজি ৫১ মিনিটত তেওঁৰ মৃত্যু হোৱা বুলি ঘোষণা কৰা হয়। মৃত্যু...