December 27, 2024 6:19 PM

views 13

কলিয়াবৰত নৰখাদক বাঘ ধৰাৰ বাবে বন বিভাগৰ অভিযান আৰম্ভ

যোৱা শনিবাৰে কলিয়াবৰ চাহ বাগিচাৰ এজন শ্রমিক বাঘৰ আক্ৰমণত নিহত হোৱাৰ পাছত বন বিভাগে এই নৰখাদক বাঘটো ধৰাৰ বাবে অভিযান আৰম্ভ কৰিছে। শালনা সংমণ্ডলৰ বনাঞ্চলিক বিষয়াগৰাকীৰ উদ্ধৃতি দি আমাৰ নগাঁৱৰ সংবাদদাতাই জনোৱা মতে বন বিভাগে বনাঞ্চলৰ সমীপত এটা পিঞ্জৰা স্থাপন কৰিছে আৰু বাঘটোৰ গতি-বিধি নিৰীক্ষণৰ ব্যৱস্থা কৰিছে। উল্লেখযোগ্য যে যোৱা ১০ দিনত কলিয়াবৰ চাহ বাগিচাৰ ৩ জনকৈ শ্ৰমিকক নৰখাদক বাঘটোৱে আক্ৰমণ কৰিছিল। ইয়াৰে এজন শ্ৰমিকৰ ছিন্ন মুণ্ড পাছত উদ্ধাৰ কৰা হৈছিল। লক্ষীৰাম ভূমিজ নামৰ আন এগৰাকী প্ৰাক্তন শ্রমি...