March 19, 2025 12:38 PM

views 18

অসম-মেঘালয় সীমান্তত বন বিষয়াক অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণ

পশ্চিম কাৰ্বি আংলং জিলাৰ অসম-মেঘালয় সীমান্তত যোৱানিশা অচিনাক্ত দুৰ্বৃত্তই এগৰাকী বন বিষয়াক আক্ৰমণ কৰে। জিলাখনৰ তাপাত অঞ্চলত কালি বিয়লি খান্দুলিৰ খণ্ড বন বিষয়া জয়ন্তৰাম ক্ৰ'ৱে এটি সাতজনীয়া দলসহ তহল দি নিশা বন বিভাগৰ কাৰ্যালয়লৈ উভতি অহাৰ পাছত দুৰ্বৃত্তই বিষয়াগৰাকীৰ বাহনত আক্ৰমণ কৰি পলায়ন কৰে। এই সন্দৰ্ভত ইতিমধ্যে হামৰেণ আৰক্ষীলৈ এজাহাৰ প্ৰেৰণ কৰা হৈছে। অসম-মেঘালয় সীমান্তৰ বনাঞ্চলত দীৰ্ঘদিন ধৰি চোৰাংভাৱে মূল্যবান গছ-গছনি সৰবৰাহ কাৰ্যৰ সৈতে জড়িত দুৰ্বৃত্তই পূর্বেও এনে ঘটনা সংঘটিত কৰিছে বু...