July 20, 2024 12:37 PM

views 23

ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং ট’বণেক  বিদেশ সচিব বিক্রম মিস্রিৰ সাক্ষাৎ

বিদেশ সচিব বিক্রম মিস্রিয়ে কালি থিফুত ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং ট’বণেক সাক্ষাৎ কৰে। তেওঁ ভূটানৰ সৈতে ভাৰতৰ ঘনিষ্ঠ মৈত্রীপূৰ্ণ সম্পৰ্ক আৰু ভূটান চৰকাৰ তথা দেশখনৰ জনসাধাৰণৰ অগ্ৰাধিকাৰ অনুসৰি দ্বিপাক্ষিক সম্পর্ক অধিক সুদৃঢ় কৰাৰ প্ৰতি ভাৰতৰ দৃঢ় প্ৰতিশ্ৰুতিবদ্ধতা প্ৰকাশ কৰিছে। শ্রীমিস্রিয়ে লগতে ভূটানৰ বিদেশ মন্ত্রী ডি এন ধূনগয়েলকো সাক্ষাৎ কৰে। তেওঁলোকে পাৰস্পৰিক স্বার্থজড়িত বিভিন্ন বিষয় আৰু সকলো ক্ষেত্ৰত নিদর্শনমূলক দ্বিপাক্ষিক সম্পর্ক অধিক সুদৃঢ় কৰাৰ উপায় সম্পৰ্কে আলোচনা কৰে। বিদেশ সচিব ...

July 19, 2024 12:04 PM

views 27

দুদিনীয়া ভ্ৰমণসূচীৰে আজি ভূটানলৈ যাব বিদেশ সচিব বিক্ৰম মিস্ৰী

বিদেশ সচিব বিক্রম মিস্ৰী দুদিনীয়া ভ্ৰমণসূচীৰে আজি ভূটানলৈ যাব। উল্লেখযোগ্য যে বিদেশ সচিবৰূপে কাৰ্যভাৰ গ্ৰহণৰ পাছত শ্ৰী মিস্ৰীৰ এইটোৱে প্ৰথমটো আনুষ্ঠানিক বিদেশ ভ্রমণ। ভ্রমণ কালছোৱাত বিদেশ সচিবগৰাকীয়ে ভূটানৰ ৰজাৰ উপস্থিতিত একাংশ জনতাৰ সৈতে মত বিনিময় কৰিব। শ্রী মিস্ৰীয়ে দেশখনৰ প্রধানমন্ত্ৰী, বিদেশ পৰিক্ৰমা আৰু বিদেশ বাণিজ্য মন্ত্ৰীক সাক্ষাৎ কৰাৰ লগতে ভূটান চৰকাৰৰ বৈদেশিক সচিব আৰু আন কেইবাজনো জ্যেষ্ঠ বিষয়াৰ সৈতে মত বিনিময় কৰিব। বিদেশ সচিবদ্বয়ে ভাৰত-ভূটান বিকাশ সহযোগিতা আলোচনাত সহ-অধ্যক্ষতা কৰ...