August 4, 2024 11:09 AM

views 19

বিদেশী পোর্টফলিঅ’ বিনিয়োগকাৰীৰ জুলাই মাহত ভাৰতীয় শ্বেয়াৰ বজাৰত ৫৪,৭৮২ কোটি টকা বিনিয়োগ

বিদেশী পোর্টফলিঅ' বিনিয়োগকাৰীসকলে যোৱামাহত ভাৰতীয় শ্বেয়াৰ বজাৰত ৫৪,৭৮২ কোটি টকা বিনিয়োগ কৰিছে। নেচনেল চিকিউৰিটীছ ডিপোজিট'ৰী লিমিটেড এন এছ ডি এলৰ তথ্য অনুসৰি বিদেশী পোর্টফলিঅ' বিনিয়োগকাৰীসকলে এই সময়চোৱাত ইকুইটি বজাৰত ৩২,৩৬৪ কোটি টকা আৰু ঋণ বজাৰত ২২ ,৩৬৩ কোটি টকা বিনিয়োগ কৰিছে। ভাৰতীয় অর্থ ব্যৱস্থাৰ ভাল সম্ভৱনা, হাৰ হ্ৰাস আৰু চৰকাৰৰ বিত্তীয় অনুশাসনৰ বাবে বিনিয়োগ বৃদ্ধি পোৱা বুলি বিশেষজ্ঞসকলে প্ৰকাশ কৰিছে।

July 21, 2024 12:38 PM

views 25

বিদেশী প’র্টফলিঅ’ বিনিয়োগৰাকীসকলে ইকুইটি আৰু ঋণ বজাৰত প্ৰায় ৪৪,৩৪৪ কোটি টকা বিনিয়োগ

বিদেশী প'র্টফলিঅ' বিনিয়োগৰাকীসকলে এই মাহত বৰ্তমানলৈকে ইকুইটি আৰু ঋণ বজাৰত প্ৰায় ৪৪,৩৪৪ কোটি টকা বিনিয়োগ কৰিছে। ইয়াৰ ভিতৰত ৩০,৭৭১ কোটি টকা ইকুইটি বজাৰত আৰু ১৩,৫৭৩ টকা ঋণ বজাৰত বিনিয়োগ কৰা হৈছে। যান-বাহন, মূলধনী সামগ্রী, স্বাস্থ্যসেৱা, তথ্য প্রযুক্তি, দূৰ সংযোগ তথা তেল আৰু গেছ খণ্ডত সৰ্বাধিক বিনিয়োগ হোৱা পৰিলক্ষিত হৈছে। বজাৰৰ প্ৰতি ইতিবাচক ভাৱধাৰা আৰু সংস্কাৰৰ ধাৰা অব্যাহত ৰখাৰ প্ৰতি সুস্থিৰ চৰকাৰৰ আশ্বাসৰ বাবেই মূলধনী বজাৰত বিনিয়োগ বৃদ্ধি পোৱা বুলি কোৱা হৈছে।

June 15, 2024 1:52 PM

views 27

দেশৰ বিদেশী মুদ্ৰা ভাণ্ডাৰত জমা থকা ধনৰ পৰিমাণ ৬৫ হাজাৰ ৫৮১ কোটি ৭০ লাখ ডলাৰৰ সৰ্বকালৰ সৰ্বোচ্চ পর্যায়লৈ বৃদ্ধি

৭ জুনত সমাপ্ত হোৱা সপ্তাহটোত দেশৰ বিদেশী মুদ্ৰা ভাণ্ডাৰত জমা থকা ধনৰ পৰিমাণ ৪৩০ কোটি ৭০ লাখ ডলাৰ বৃদ্ধি পাই ৬৫ হাজাৰ ৫৮১ কোটি ৭০ লাখ ডলাৰৰ সৰ্বকালৰ সৰ্বোচ্চ পর্যায় পাইছেগৈ। ইয়াৰ পূৰ্বে যোৱা সপ্তাহত বিদেশী মুদ্রা ভাণ্ডাৰত জমা থকা ধনৰ পৰিমাণ ৪৮৩ কোটি ৭০ লাখ ডলাৰ বৃদ্ধি পাই ৬৫ হাজাৰ ১৯১ কোটি ডলাৰ হৈছিল।