December 14, 2024 9:02 PM

views 10

ব্ৰীছবেনত অনুষ্ঠিত ভাৰত-অষ্ট্ৰেলিয়াৰ তৃতীয় টেষ্টৰ প্ৰথম দিনৰ খেল বৰষুণৰ বাবে স্থগিত

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত ব্ৰীছবেনত অনুষ্ঠিত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ তৃতীয়খন খেলৰ আজি প্রথমদিনৰ খেল বৰষুণৰ বাবে বিঘ্নিত হয়। আজি প্ৰথমদিনা ১৩ অভাৰ আৰু দুটা বল খেলা অৱস্থাত বৰষুণ অহাত খেল স্থগিত ৰখা হয়। আম্পায়ৰদ্বয়ে ভোজন বিৰতিৰ পাছত খেলপথাৰ নিৰীক্ষণ কৰি আজিৰ দিনটোৰ খেল স্থগিত ঘোষণা কৰে। সেই সময়ত অষ্ট্ৰেলিয়াই এটাও উইকেট নেহেৰুৱাকৈ ২৮ ৰান সংগ্ৰহ কৰিছিল। অষ্ট্ৰেলিয়াৰ অপেনাৰদ্বয় ওছমান খৱাজাই ১৯ ৰান আৰু নাথান মেকছুইনীয়ে ৪ ৰান কৰি বেট ধৰি আছিল। কাইলৈ দ্বিতীয় দিনৰ খেল নিৰ্ধাৰিত সময়ৰ আধা ঘণ্...