September 6, 2024 9:12 PM September 6, 2024 9:12 PM
15
মেঘালয়ৰ দক্ষিণ পশ্চিম গাৰোপাহাৰ জিলাৰ বলদামগ্ৰীত আজিৰে পৰা দ্বিতীয় এম এল এ কাপ ফুটবল প্রতিযোগিতা অনুষ্ঠিত
মেঘালয়ৰ দক্ষিণ পশ্চিম গাৰোপাহাৰ জিলাৰ বলদামগ্ৰীত আজিৰে পৰা দ্বিতীয় এম এল এ কাপ ফুটবল প্রতিযোগিতা অনুষ্ঠিত হৈছে। ৰাজ্যখনৰ মহেন্দ্ৰগঞ্জ বিধানসভা সমষ্টি এলেকাত থকা ক্লাৱসমূহৰ মাজত এই ফুটবল প্রতিযোগিতাখন অনুষ্ঠিত হ'ব। বাজেংডুবাৰ বিধায়ক পংচেং আৰ মাৰাকে এই প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। সমষ্টিটোৰ মুঠ ৩২ টা ফুটবল ক্লাৱ দলে এই প্রতিযোগিতাত অংশগ্রহণ কৰিছে। যুৱ প্ৰজন্মক বিভিন্ন অপৰাধ আৰু মাদক দ্ৰব্য সেৱনৰ পৰা আঁতৰত ৰাখি খেল ধেমালীৰ প্ৰতি আকৃষ্ট কৰিবলৈ মহেন্দ্ৰগঞ্জৰ বিধায়ক সঞ্জয় এ চাংমাই যো...