January 30, 2025 8:53 PM January 30, 2025 8:53 PM
10
ৰাজ্যৰ বিভিন্ন স্থানত ৭০ সংখ্যক লোকপ্ৰিয় বৰদলৈ ট্ৰফী ফুটবল প্রতিযোগিতা
ক্রীড়া আৰু যুৱ কল্যাণ বিভাগ আৰু গুৱাহাটী ক্রীড়া সন্থাৰ যৌথ উদ্যোগত ৰাজ্যৰ বিভিন্ন স্থানত এইবাৰ ৭০ সংখ্যক লোকপ্ৰিয় বৰদলৈ ট্ৰফী ফুটবল প্রতিযোগিতা চলি আছে। ক্লাষ্টাৰ পৰ্যায়ত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ আজি কেইবাখনো খেল আয়োজিত হয়। মৰিগাঁও মণ্ডলৰ খেলত জিলাখনৰ ৮টা দলে অংশগ্ৰহণ কৰিছে। মৰিগাঁও জিলা ক্রীড়া সন্থাৰ খেলপথাৰত আজি অনুষ্ঠিত উদ্বোধনী খেলখনত ভুৰবন্ধা নৱজ্যোতি সংঘই গড়মাৰী ৰাইনোজ ক্লাবক ৪-১ গ'লত পৰাস্ত কৰে। যোৰহাটত অনুষ্ঠিত খেলখনত ৰঞ্জিত ক্লাব আৰু ৰমাকান্ত ফুটবল ক্লাবে গ'লশূন্য ড্র’ খেলি পইণ্ট...