January 22, 2026 11:22 AM

views 32

সন্তোষ ট্রফী ২০২৫-২৬ সংস্কৰণৰ ফাইনেল ৰাউণ্ডত পশ্চিমবংগই ৪-০গলত নাগালেণ্ডক পৰাজিত

অসমৰ ঢকুৱাখনা আৰু চিলাপথাৰত অনুষ্ঠিত সন্তোষ ট্রফী ২০২৫-২৬ সংস্কৰণৰ ফাইনেল ৰাউণ্ডৰ এখন মেচত কালি পশ্চিমবংগই ৪-০গলত নাগালেণ্ডক পৰাজিত কৰে। এই জয়ৰ জড়িয়তে পশ্চিম বংগই গ্রুপ এত অগ্ৰগতি লাভ কৰিছে। ইয়াৰ পূৰ্বে ঢকুৱাখনাত অনুষ্ঠিত গ্রুপ এ পৰ্যায়ৰ এখন খেলত উত্তৰাখণ্ডৰ বিৰুদ্ধে ৩-২ গ'লত ৰাজস্থানে জয়লাভ কৰে। আজি চিলাপথাৰ ফুটবল ষ্টেডিয়ামত পঞ্জাৱ কেৰালাৰ মুখামুখি হ'ব। খেলখন পুৱা ৯ বজাত আৰম্ভ হ'ব।

December 30, 2025 7:31 PM

views 17

৫০ সংখ্যক মতিৰাম বৰা সোঁৱৰণী প্রাইজমানি ফুটবল প্রতিযোগিতাত ডি বি আই কামৰূপ ফাইনেলত প্ৰৱেশ

মৰিগাঁও জিলা ক্রীড়া সন্থাৰ উদ্যোগত আৰু ফুটবল উপ-সমিতিৰ তত্বাৱধানত চলি থকা ৫০ সংখ্যক মতিৰাম বৰা সোঁৱৰণী প্রাইজমানি ফুটবল প্রতিযোগিতাৰ আজি ছেমি ফাইনেলত ডি বি আই কামৰূপে নর্থ ইষ্ট ইউনাইটেডক পৰাস্ত কৰি ফাইনেললৈ প্ৰৱেশ কৰিছে। ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামত অনুষ্ঠিত এই প্রতিযোগিতা তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কার্যবাহী সদস্য জীবন চন্দ্র কোঁৱৰে উদ্বোধন কৰে। অহা ২ জানুৱাৰীত হ'বলগীয়া ফাইনেল খেলত ডি বি আই কামৰূপে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ বিৰুদ্ধে প্রতিদ্বন্দ্বিতা কৰিব।

December 29, 2025 7:59 PM

views 15

চাহ জনজাতি আৰু আদিবাসী ফুটবল প্রতিযোগিতাত শোণিতপুৰ দলৰ বিশ্বনাথৰ দলক ৫-০ গলৰ ব্যৱধানত পৰাস্ত

শোণিতপুৰ জিলাৰ চতুৰ্থ মণ্ডলৰ অন্তৰ্গত ১৭ বছৰ অনুৰ্ধৰ চাহ জনজাতি আৰু আদিবাসী ফুটবল প্রতিযোগিতাত শোণিতপুৰ জিলা দলে বিশ্বনাথৰ দলক ৫-০ গলৰ ব্যৱধানত পৰাস্ত কৰি খিতাপ দখল কৰিছে। তিনিদিনীয়াকৈ অনুষ্ঠিত এই প্রতিযোগিতাখনত মণ্ডলটোৰ বিভিন্ন প্ৰান্তৰ উদীয়মান যুব ফুটবল খেলুৱৈৰ প্ৰতিনিধিত্বৰে শোণিতপুৰকে ধৰি ১০ টা দলে অংশগ্রহণ কৰিছিল। ফুটবল প্রতিযোগিতা খনৰ আজি সামৰণি অনুষ্ঠানত বৰছলা বিধান সভা সমষ্টিৰ বিধায়ক গণেশ লিম্বুয়ে মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি বিজয়ী দলটোক বঁটা প্ৰদান কৰে।

November 27, 2025 1:00 PM

views 33

খেলৰ বাতৰি:

● ২০২৬ বৰ্ষত হ'বলগীয়া ১৭ বছৰ অনুৰ্ধৰ এ এফ চি এছিয়ান কাপ ফুটবল প্রতিযোগিতাৰ বাবে যোগ্যতা নিৰ্ণয়কাৰী ৰাউণ্ডৰ গ্ৰুপ-ডিৰ এখন খেলত ভাৰতে কালি চীনা টাইপেইক ৩-১ গ’লৰ ব্যৱধানৰ পৰাস্ত কৰে। আহমেদাবাদৰ এক্কা এৰিনাত অনুষ্ঠিত খেলখনত ভাৰতৰ হৈ অধিনায়ক দাল্লালমৌন গাংটেই আটাইকেইটা গ’ল দিয়ে। যোগ্যতা নির্ণয়কাৰী ৰাউণ্ডত এয়া হ'ল ভাৰতৰ প্ৰথম বিজয়। ইয়াৰ পূৰ্বে বিগত শনিবাৰে অনুষ্ঠিত ভাৰত আৰু পেলেষ্টাইনৰ মাজৰ এখন খেল ১-১ গ’লত ডু' হৈছিল। কালিৰ জয়ৰ সুবাদত ভাৰতে ৪ পইণ্টেৰে গ্ৰুপৰ দ্বিতীয় স্থানলৈ উন্নীত হৈছে। ইপি...

November 17, 2025 1:20 PM

views 27

টছেন বৰা সোঁৱৰণী প্ৰথম বার্ষিক ফুটবল প্রতিযোগিতাত উত্তৰ-পূব সীমান্ত ৰে’লৱে দলৰ খিতাপ অৰ্জন

নাহৰকটীয়া ক্রীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত টছেন বৰা সোঁৱৰণী প্ৰথম বার্ষিক ফুটবল প্রতিযোগিতাৰ কালি নিশা অনুষ্ঠিত চূড়ান্ত খেলত উত্তৰ-পূব সীমান্ত ৰে'লৱে ফুটবল দলে খিতাপ অর্জন কৰে। উত্তৰ-পূব সীমান্ত ৰে'লৱে ফুটবল দলে ইউনাইটেড চিৰাংদুৱাৰ ফুটবল দলক ৩-০ গ'লত পৰাস্ত কৰে। কালি অনুষ্ঠিত চূড়ান্ত খেলত ক্রীড়া মন্ত্রী নন্দিতা গার্লোচা, মন্ত্রী ৰূপেশ গোৱালা, বিধায়ক তৰংগ গগৈ, তেৰছ গোৱালা আদিও অংশগ্ৰহণ কৰে।

October 13, 2025 12:53 PM

views 42

এ এফ চি এছিয়ান কাপ ফুটবলৰ কোৱালিফায়াৰ্ছত ভাৰত আজি কিৰগিজ গণতন্ত্ৰৰ বিৰুদ্ধে অৱতীর্ণ

এ এফ চি ১৭ বছৰ অনূর্ধ মহিলাৰ এছিয়ান কাপ ফুটবলৰ কোৱালিফায়াৰ্ছত ভাৰত আজি আয়োজক দেশ কিৰগিজ গণতন্ত্ৰৰ বিৰুদ্ধে অৱতীর্ণ হ'ব। গ্রুপ-জিৰ উদ্বোধনী খেলখন আজি ভাৰতীয় সময় অনুসৰি সন্ধিয়া চাৰে ৬ বজাত বিচকেকৰ অমুৰজাক'ভ স্টেডিয়ামত অনুষ্ঠিত হ'ব। এ এফ চি ১৭ বছৰ অনূর্ধ মহিলাৰ এছিয়ান কাপ ফুটবলত ভাৰতীয় মহিলা দলটোৱে ইয়াৰ পূৰ্বে ২০০৫ চনতেই অবতীর্ণ হৈছিল। সুদীর্ঘ ২১ বছৰ বিৰতিৰ পাছতহে মহাদেশীয় পর্যায়ত তেওঁলোকে খেলাৰ সুযোগ লাভ কৰিছে। গ্ৰুপৰ আন এটা দল হৈছে উজবেকিস্তান। গ্রুপ পর্যায়ত বিজয়ী দলটোৱেহে অহাবছৰ মে'ত চীনত ১২ খন ...

October 8, 2025 8:59 PM

views 38

দক্ষিণ শালমাৰা জিলাৰ মানকাচৰৰ বাঘাপাৰাত আঞ্চলিক ফুটবল প্রাইজমানি প্ৰতিযোগিতা আৰম্ভ

দক্ষিণ শালমাৰা জিলাৰ মানকাচৰৰ বাঘাপাৰাত আজি আঞ্চলিক ফুটবল প্রাইজমানি প্ৰতিযোগিতা আৰম্ভ হৈছে। অসম আৰু মেঘালয়ৰ মুঠ ৩২ টা দলে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত স্থানীয় বিধায়ক আমিনুল ইছলাম, জিলা পৰিষদৰ সভানেত্রী তানজিনা খান আদিকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মেঘালয়ৰ নতুন ভাইটবাৰী ক্লাৱ আৰু মানকাচৰৰ টেপৰপাৰা ফুটবল ক্লাৱৰ মাজত হোৱা উদ্বোধনী খেলখনত মানকাচৰ দল ২-০ গলত বিজয়ী হয়।

September 16, 2025 8:01 PM

views 28

৬৪ সংখ্যক আন্তর্জাতিক স্কুল ফুটবল প্রতিযোগিতা শৃংখলা সুব্রত কাপৰ অন্তিমখন প্রতিযোগিতা আজিৰে পৰা নতুন দিল্লীত আৰম্ভ

বায়ুসেনাই আয়োজন কৰা ৬৪ সংখ্যক আন্তর্জাতিক স্কুল ফুটবল প্রতিযোগিতা শৃংখলা সুব্রত কাপৰ অন্তিমখন প্রতিযোগিতা আজিৰে পৰা নতুন দিল্লীত আৰম্ভ হৈছে। ১৭ বছৰ অনুৰ্ধৰ ল'ৰাৰ এই অন্তিমলানি প্ৰতিযোগিতাত আজি অসমৰ গোলাঘাটৰ নুমলীগড় হাইস্কুলে গ্ৰুপৰ প্ৰথমখন খেলত আর্মী বয়জ স্কুলৰ সৈতে ২-২ গ’লত ড্র’ খেলি পইণ্ট ভগাই লয়। পিন্টু পার্ক ফুটবল ময়দানত অনুষ্ঠিত খেলখনত অসমৰ হৈ ২৭ মিনিটত পার্থ ডেকা বৰুৱাই প্ৰথমটো গ’ল কৰাৰ বিপৰীতে ৬৬ মিনিটত আকাশ লোহাৰে দ্বিতীয়টো গ'ল কৰি অসমক এক পইণ্ট দিয়াত সহায় কৰে। প্ৰতিযোগিতাৰ পৰৱৰ...

August 28, 2025 12:19 PM

views 19

১৭ বছৰ অনূর্ধ মহিলাৰ ছাফ ফুটবল চেম্পিয়নশ্বিপত ভাৰতৰ দমনীয় প্রদর্শন অব্যাহত

ভাৰতে চলিত বৰ্ষৰ ১৭ বছৰ অনূর্ধ মহিলাৰ ছাফ ফুটবল চেম্পিয়নশ্বিপত দমনীয় প্রদর্শন অব্যাহত ৰাখিছে। প্রতিযোগিতাৰ কালি ভূটানৰ থিঙ্কুৰ চাংলিমিথাং ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ভাৰতে ঘৰুৱা দলটোক ৫-০ ফলাফলত পৰাস্ত কৰে। এয়া হ'ল প্ৰতিযোগিতাখনত ভাৰতৰ ক্ৰমাগত চতুর্থ বিজয়। ভাৰত সম্প্ৰতি প্ৰতিযোগিতাৰ পইণ্ট তালিকাত ১২ পইণ্টেৰে শীৰ্ষস্থানত আছে। দ্বিতীয় স্থানত থকা বাংলাদেশে এতিয়ালৈ ৯ পইণ্ট অৰ্জন কৰিবলৈ সমৰ্থ হৈছে। প্ৰতিযোগিতাত চাৰিদিন পূর্বে অনুষ্ঠিত আন এখন খেলত ভাৰতে ভূটানক ৮-০ ফলাফলত পৰাস্ত কৰিছিল। কালিৰ খ...

August 24, 2025 1:02 PM

views 31

ডুৰাণ্ড কাপত নর্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ পুনৰ খিতাপ জয়

■ নর্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবে ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাত পুনৰ খিতাপ জয় কৰি দ্বিতীয়বাৰৰ বাবে এই প্ৰতিযোগিতাৰ ছেম্পিয়ন হোৱাৰ গৌৰৱ অৰ্জন কৰিছে। কলকাতাৰ ছৰ্ট লেক যুৱ ভাৰতী ক্রীড়াংগনত অনুষ্ঠিত ফাইনেলত কালি দলটোৱে ডায়মণ্ড হাৰ্বাৰ ফুটবল ক্লাবক ৬–১ গ'লত পৰাস্ত কৰে। খেলৰ প্ৰথমাৰ্ধত নর্থ ইষ্ট ইউনাইটেডে দুটা গ'ল দি বিপক্ষক চাপত ৰাখিবলৈ সমৰ্থ হয়। ইয়াৰ পাছতে ৫০, ৬৮, ৮১ আৰু ৮৬ মিনিটত দলটোৱে বাকী গ'লকেইটা দিবলৈ সমৰ্থ হয়। ইয়াৰ মাজতে ৬৮ মিনিটত ডায়মণ্ড হাৰ্বাৰ দলে প্রথম আৰু একমাত্ৰ গ'লটো দিয়ে। ...