June 30, 2024 11:32 AM

views 29

চৰাইদেউ জিলাৰ মথুৰাপুৰ চাহ বাগিচাত ভ্ৰাম্যমাণ কেঁচা চাহপাত পৰীক্ষাগাৰ উদ্বোধন

উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্রতিষ্ঠান তথা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই কালি চৰাইদেউ জিলাৰ মথুৰাপুৰ চাহ বাগিচাত এটা ভ্ৰাম্যমাণ কেঁচা চাহপাত পৰীক্ষাগাৰ উদ্বোধন কৰে। এই উপলক্ষে আয়োজিত ৰাজহুৱা সভাত মন্ত্ৰীগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় বজাৰত অসমৰ চাহৰ সমাদৰ বৰ্তাই ৰখাৰ স্বাৰ্থত ইয়াৰ গুণগত মানৰ নিৰন্তৰ উন্নয়ন সাধনত মনোনিৱেশ কৰিবলৈ চাহ উৎপাদনবে জড়িত সকলো পক্ষকে আহ্বান জনায়। বিভাগীয় মন্ত্রীগৰাকীয়ে কয় যে, চাহ অসমৰ অতি পুৰণি ঐতিহ্যমণ্ডিত শিল্প। অসমৰ চাহে বিশ্বত এক মর্যাদাপূর্ণ স্থান লা...