September 16, 2024 12:21 PM September 16, 2024 12:21 PM
3
খাদ্য সুৰক্ষা আইনত ১৯,৯২,১৬৭গৰাকী নতুন হিতাধিকাৰী সংযোজনৰ লক্ষ্য, আৱেদনৰ অন্তিম তাৰিখ ১৫ অক্টোবৰ
খাদ্য সুৰক্ষা আইনৰ অধীনত ১৯ লাখ ৯২ হাজাৰ ১৬৭ গৰাকী নতুন হিতাধিকাৰীৰ সংযোজন কৰা হ'ব। এই উদ্দেশ্যে আবেদনকাৰীসকলে অহা ১৯ ছেপ্টেম্বৰৰ পৰা ১৫ অক্টোবৰলৈ আবেদন দাখিল কৰিব পাৰিব। আবেদন পত্র সংশ্লিষ্ট জিলা অথবা মহকুমাৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কার্যালয় তথা PDS.ASSAM.GOV.IN প'ৰ্টেলৰ পৰা ল'ব পাৰিব। খাদ্য সুৰক্ষা আইনৰ হিতাধিকাৰীসকলৰ যোগ্যতা হিচাপে আবেদনকাৰীৰ পৰিয়ালৰ বাৰ্ষিক আয় ৪ লাখ টকাতকৈ কম হ'ব লাগিব। লগতে আবেদনকাৰী ভাৰতীয় নাগৰিক হোৱাৰ লগতে আধাৰ কাৰ্ড থাকিব লাগিব। ৰাজ্য চৰকাৰৰ অ...