March 2, 2025 9:07 PM March 2, 2025 9:07 PM
3
যশস্বী বাঁহীবাদক, লোকসংগীতৰ আজীৱন সাধক প্ৰভাত শৰ্মাৰ চতুৰ্থ মৃত্যু বার্ষিকীত ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন
যশস্বী বাঁহীবাদক, লোকসংগীতৰ আজীৱন সাধক প্ৰভাত শৰ্মাৰ চতুৰ্থ মৃত্যু বার্ষিকী উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন কৰা হৈছে। ষষ্ঠ দশকতে বাঁহীৰে অগণন শ্রোতা-দর্শকক মুগ্ধ কৰা প্ৰভাত শৰ্মাই বিশ্ববৰেণ্য শিল্পী ড০ ভূপেন হাজৰিকাকে ধৰি বহু শিল্পীৰ গীতত বাঁহীৰ সুৰ তুলিছিল। থলুৱা বাদ্যযন্ত্ৰক লৈ শিল্পীগৰাকীয়ে গঠন কৰা পাঞ্চজন্য শংখধবনি নামৰ অৰ্কেষ্টা দলটো পাছত দেৱগান্ধাৰ নামেৰে নামকৰণ কৰা হৈছিল। ১৯৭৩ চনত তেওঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰত যোগদান কৰি ১৯৯৮ চনত অৱসৰ গ্ৰহণ কৰিছিল। ব্লেকমানি, সন্তান,...