January 8, 2025 1:52 PM

views 19

ঘন কুঁৱলীৰ বাবে উত্তৰ অঞ্চলত কেইবাখনো ৰে’ল আৰু বিমান যাত্ৰাৰ সময়সূচীত প্ৰভাৱ

ভাৰতৰ বতৰ বিজ্ঞান বিভাগে জনোৱা অনুসৰি সমগ্ৰ উত্তৰ ভাৰতক ঘন কুঁৱলীয়ে আৱৰি ধৰিছে। আগন্তুক ৩-৪ দিনত পঞ্জাৱ, হাৰিয়ানা, চণ্ডীগড়, দিল্লী, উত্তৰ প্ৰদেশ, বিহাৰ, হিমাচল প্ৰদেশ আৰু ঝাৰখণ্ডৰ কিছু অঞ্চলত পুৱা আৰু নিশাৰ সময়ত অতি ডাঠ কুঁৱলী পৰাৰ সম্ভাৱনা আছে। ভাৰতৰ বতৰ বিজ্ঞান বিভাগে আজি পঞ্জাৱ, হাৰিয়ানা- চণ্ডীগড়-দিল্লী, উত্তৰ প্ৰদেশ, ৰাজস্থান আৰু উত্তৰ মধ্যপ্ৰদেশত শীতৰ ব্যাপক প্ৰভাৱ পৰিব বুলি জানিবলৈ দিছে। আজি অৰুণাচল প্ৰদেশৰো কেইবাটাও স্থানত বজ্ৰপাতৰ সম্ভাৱনা আছে। দেশৰ উত্তৰ-পশ্চিম, মধ্য আৰু পূৰ্বাঞ্চ...