September 9, 2024 11:37 AM

views 19

নতুন দিল্লীত আজি বস্তু আৰু সেৱাকৰ পৰিষদৰ ৫৪সংখ্যক বৈঠক

বস্তু আৰু সেৱাকৰ পৰিষদৰ ৫৪ সংখ্যক বৈঠক আজি নতুন দিল্লীত অনুষ্ঠিত হ'ব। কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে এই বৈঠকত অধ্যক্ষতা কৰিব। চলিত বৰ্ষৰ জুন মাহত অনুষ্ঠিত এই পৰিষদৰ পূৰ্বৰ বৈঠকত ষ্টীল, লো আৰু এলুমিনিয়ামৰ সকলো গাখীৰৰ কেনত ১২ শতাংশ জি এছ টি ধাৰ্য কৰা হৈছিল। বৈঠকত ভাৰতীয় ৰে'লৱেই প্ৰদান কৰা বিভিন্ন সেৱাসমূহত জি এছ টি আৰোপ নকৰাৰ সম্ভাৱনা প্ৰকাশ কৰিছিল। এই সেৱাসমূহৰ ভিতৰত প্লেটফৰ্ম টিকট বিক্রী, ৰিটায়াৰিং ৰূম, জিৰণি চ'ৰা আৰু বেটাৰী চালিত বাহনৰ সেৱা আদি আছে।