July 13, 2026 8:20 PM

views 7

ৰাজহুৱা খণ্ডৰ বেংকসমূহক প্ৰৱাসী ভাৰতীয় এন আৰ আইসকলক সামৰি লব পৰাকৈ উদ্ভাৱনীমূলক নতুন জমা আঁচনি আৰম্ভ কৰিবলৈ আহ্বান বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ৰাজহুৱা খণ্ডৰ বেংকসমূহক প্ৰৱাসী ভাৰতীয় এন আৰ আইসকলক সামৰি লব পৰাকৈ উদ্ভাৱনীমূলক নতুন জমা আঁচনি আৰম্ভ কৰিবলৈ আহ্বান জনাইছে। নতুন দিল্লীত বেংক আৰু ৰাজহুৱা বিত্তীয় প্ৰতিষ্ঠানসমূহৰ ব্যৱস্থাপক সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে মত বিনিময় কৰি তেওঁ ধন আহৰণৰ গতি অব্যাহত ৰখাৰ বাবে এন আৰ আই সকলক সংযুক্ত কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰে। মত-বিনিময়ৰ সময়ত বেংক আৰু ৰাজহুৱা বিত্তীয় প্রতিষ্ঠানসমূহৰ ব্যৱস্থাপক সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়াসকলে বিত্তমন্ত্ৰীক ...

June 12, 2026 8:34 PM

views 25

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে অধিক লাভৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা এটা বিনিয়োগ মঞ্চৰ প্ৰতি সমৰ্থন কৰা বুলি সামাজিক মাধ্যমযোগে প্ৰচাৰ হোৱা ভিডিঅ’ চৰকাৰে খণ্ডন কৰিছে

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে অধিক লাভৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা এটা বিনিয়োগ মঞ্চৰ প্ৰতি সমৰ্থন কৰা বুলি সামাজিক মাধ্যমযোগে প্ৰচাৰ হোৱা ভিডিঅ' চৰকাৰে খণ্ডন কৰিছে। প্ৰেছ ইনফৰমেচন ব্যুৰোৰ তথ্য পৰীক্ষণ গোটে ভিডিঅ'টো ভুৱা আৰু কৃত্রিম বুদ্ধিমত্তা প্রযুক্তি ব্যৱহাৰ কৰি প্ৰস্তুত কৰা বুলি প্ৰকাশ কৰিছে। গোটটোৱে লগতে বিত্তমন্ত্ৰীগৰাকীয়ে তেনে কোনো আঁচনিৰ প্ৰতি সমৰ্থন আগবঢ়োৱা নাই বুলি স্পষ্ট কৰি দিছে। অনলাইন ব্যৱস্থাৰে জনসাধাৰণক প্ৰৱঞ্চনা কৰাৰ উদ্দেশ্যে এনে ধৰণৰ ভুৱা ভিডিঅ' প্ৰচাৰ কৰা হয় বুলি ...

June 9, 2026 7:47 PM

views 17

বিত্ত মন্ত্রী নির্মলা সীতাৰমনে অধিক লাভৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা এটা বিনিয়োগ মঞ্চৰ প্ৰতি সমৰ্থন কৰা বুলি সামাজিক মাধ্যমত প্ৰচাৰিত ভিডিঅ’ চৰকাৰে খণ্ডন কৰিছে

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে অধিক লাভৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা এটা বিনিয়োগ মঞ্চৰ প্ৰতি সমৰ্থন কৰা বুলি সামাজিক মাধ্যমযোগে প্ৰচাৰ হোৱা ভিডিঅ' চৰকাৰে খণ্ডন কৰিছে। প্ৰেছ ইনফৰমেচন ব্যুৰোৰ তথ্য পৰীক্ষণ গোটে ভিডিঅ'টো ভুৱা আৰু কৃত্রিম বুদ্ধিমত্তা প্রযুক্তি ব্যৱহাৰ কৰি প্ৰস্তুত কৰা বুলি প্ৰকাশ কৰিছে। গোটটোৱে লগতে বিত্তমন্ত্ৰীগৰাকীয়ে তেনে কোনো আঁচনিৰ প্ৰতি সমৰ্থন আগবঢ়োৱা নাই বুলি স্পষ্ট কৰি দিছে। অনলাইন ব্যৱস্থাৰে জনসাধাৰণক প্ৰৱঞ্চনা কৰাৰ উদ্দেশ্যে এনে ধৰণৰ ভুৱা ভিডিঅ' প্ৰচাৰ কৰা হয় বুলি ...

December 6, 2025 2:54 PM

views 61

কেন্দ্ৰীয় চৰকাৰে কৰ ব্যৱস্থাৰ সৰলীকৰণৰ বাবে কাম কৰি আছেঃ সীতাৰমণ

● কেন্দ্ৰীয় চৰকাৰে কৰ ব্যৱস্থাৰ সৰলীকৰণৰ বাবে কাম কৰি আছে বুলি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্রকাশ কৰিছে। নতুন দিল্লীত আজি এটা ব্যক্তিগত সংবাদগোষ্ঠীৰ নেতৃত্ব সন্মিলনত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে কয়, যে জনসাধাৰণক উন্নয়নৰ বাবে আয়কৰৰ স্তৰসমূহ অধিক স্বচ্চ, সৰল আৰু সহজে মানি চলিব পৰা হ'ব লাগে। সীমা শুল্ক পৰিকাঠামোৰ আমূল পৰিবৰ্তন পৰৱৰ্তী বৃহৎ কাম বুলি মন্ত্ৰীগৰাকীয়ে অভিহিত কৰে। শ্ৰীসীতাৰমণে কয়, যে চৰকাৰে বিগত দুটা বছৰত সীমা শুল্কসমূহ ক্ৰমাৎ হ্ৰাস কৰিছে আৰু সীমা শুল্ক ব্যৱস্থা সৰল কৰি তোলাৰ বাবে...

October 24, 2025 9:26 PM

views 92

জি এছ টি ব্যৱস্থাৰ পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰে কৰ আৰোপন প্ৰণালীক অধিক দক্ষ, যুক্তিসংগত আৰু বিকাশমুখী কৰি তোলাঃ নির্মলা সীতাৰমণ

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নির্মলা সীতাৰমনে জি এছ টি ব্যৱস্থাৰ পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰে কৰ আৰোপন প্ৰণালীক অধিক দক্ষ, যুক্তিসংগত আৰু বিকাশমুখী কৰি তোলা বুলি মন্তব্য কৰিছে। নিয়মিত কদাতাসকলৰ বাবে জীৱন সহজলভ্য কৰি তুলিবলৈ চৰকাৰ বদ্ধপৰিকৰ বুলি তেওঁ জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে আজি গাজিয়াবাদত কেন্দ্ৰীয় সামগ্ৰী আৰু সেৱা কৰ ভৱন উন্মোচন কৰি দক্ষ কৰ প্ৰণালীয়ে অর্থনৈতিক সন্মিলন আৰু অধিক সমৃদ্ধশালী কৰিব বুলিও উল্লেখ কৰে। জি এছ টি পৰিষদে জি এছ টিৰ পঞ্জীয়ন প্ৰক্ৰিয়া সহজ, নিৰৱিচ্ছিন্ন আৰু অধিক স্বচ্ছ কৰ...

October 21, 2025 6:47 PM

views 77

বিত্তমন্ত্রী নির্মলা সীতাৰমনে ৮ নৱেম্বৰত ছহিদ কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব

বিত্তমন্ত্রী নির্মলা সীতাৰমনে অহা ৮ নৱেম্বৰত বিশ্বনাথ জিলাৰ ভোলাগুৰিত প্ৰথম অসমীয়া চলচ্চিত্র জয়মতী নির্মাণস্থলীত ছহিদ কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব। প্রায় ৭৪০ বিঘা ভূমি সামৰি নিৰ্মাণ হ'বলগীয়া ৰাজ্যিক পৰ্যায়ৰ বিশ্ববিদ্যালয়খনৰ বাবে অসম চৰকাৰে প্ৰথম পর্যায়ত ৩৫০ কোটি টকা ব্যয় কৰিব। উল্লেখযোগ্য যে দুদিনীয়া ভ্রমণসূচীৰে ৭ নৱেম্বৰত অসমত উপস্থিত হ'বলগীয়া বিত্তমন্ত্ৰীগৰাকীয়ে কেইবাটাও কার্যসূচীত অংশ ল'ব। ৰাজ্যৰ বিত্ত মন্ত্রী অজন্তা নেওগ আৰু মুখ্য সচিব ড০ ৰবি কোটাই আজি শ্রীমতী সীতাৰমনে আধ...

September 25, 2025 9:50 PM

views 68

দেশৰ বিত্তীয় ব্যৱস্থাটো পৰিচালিত কৰি থকা বিত্তীয় সংস্থাসমূহে দেশখনৰ অৰ্থনীতিৰ বিকাশত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰেঃ বিত্তমন্ত্রী

কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে কয়, যে দেশৰ বিত্তীয় ব্যৱস্থাটো পৰিচালিত কৰি থকা বিত্তীয় সংস্থাসমূহে দেশখনৰ অৰ্থনীতিৰ বিকাশত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁ কয়, যে দেশখনৰ অৰ্থব্যৱস্থাটো অধিক শক্তিশালী কৰি তুলিবলৈ বেংকসমূহে অনাগত দিনবোৰত পূৰ্বতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব। পুনেত অনুষ্ঠিত বেংক অব্ মহাৰাষ্ট্ৰৰ ৯১ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ বিশেষ অনুষ্ঠানত ভাষণ প্ৰদান কৰি বিত্তমন্ত্ৰীগৰাকীয়ে কয়, যে বেংকসমূহে নতুন উদ্ভাৱনৰ জৰিয়তে অৰ্থনীতিখনৰ শ্ৰীবৃদ্ধিত অৰিহণা যোগাব পাৰ...

September 8, 2025 9:24 PM

views 107

ভাৰত আৰু ইজৰাইলৰ মাজত দ্বিপাক্ষিক বিনিয়োগ চুক্তিত স্বাক্ষৰ

ভাৰত আৰু ইজৰাইলে নতুন দিল্লীত আজি দ্বিপাক্ষিক বিনিয়োগ চুক্তি স্বাক্ষৰ কৰে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন আৰু ইজৰাইলৰ বিত্তমন্ত্ৰী বেজালেল স্পট্ৰিছৰ মাজত এই চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিৰ লক্ষ্য হৈছে অর্থনৈতিক সম্পর্ক বৃদ্ধি কৰাৰ লগতে ইজৰাইলৰ ৰপ্তানীকাৰকসকলৰ বাবে বিত্তীয় নীতি নিয়ম অন্বেষণ কৰা।

September 5, 2025 8:56 PM

views 71

নতুন সামগ্ৰী আৰু সেৱা কৰ ব্যৱস্থাই জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰিবঃ বিত্তমন্ত্রী

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে কৈছে যে নতুন সামগ্ৰী আৰু সেৱা কৰ ব্যৱস্থাই জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰিব আৰু এই ব্যৱস্থাই মূলধনী ব্যয়ত প্ৰভাৱ নেপেলায়। এটা ব্যক্তিগত সংবাদ মাধ্যমৰ সাক্ষাৎকাৰত শ্ৰীমতী সীতাৰৰ্মনে কয় যে ৯৯% সামগ্ৰী আৰু সেৱা কৰ হয় শূন্য, নহয় ৫ৰ পৰা ১৮%  ভিতৰত ৰখা হৈছে। তেওঁ জানিবলৈ দিয়ে যে কেন্দ্ৰীয় চৰকাৰে প্ৰথমবাৰৰ বাবে সামগ্ৰী আৰু সেৱা কৰৰ ক্ষতিপূৰণ শুল্ক আৰু বিস্তৃত প্ৰস্তাৱ গ্ৰহণ কৰিছে। মন্ত্ৰীগৰাকীয়ে কয় যে পেট্ৰ'লিয়ামজাত সামগ্ৰী আৰু সুৰাৰ সামগ্ৰীক বৰ্তম...

September 4, 2025 3:51 PM

views 24

জি এছ টিৰ পৰিমাণ পূৰ্বৰ ১৮ অথবা ১২ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰা হৈছেঃ বিত্তমন্ত্ৰী

● জি এছ টি পৰিষদে জনসাধাৰণ, কৃষক আৰু কৃষি, স্বাস্থ্য খণ্ড, উদ্যোগকে ধৰি অৰ্থনীতিৰ মূল খণ্ডসমূহত গুৰুত্ব আৰোপ কৰি সামগ্ৰী আৰু সেৱা কৰৰ যুক্তিগত সংস্কাৰ সাধনত অনুমোদন জনাইছে। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে সাধাৰণ লোক আৰু মধ্যবিত্ত সামগ্ৰীসমূহৰ ওপৰত থকা জি এছ টিৰ পৰিমাণ পূৰ্বৰ ১৮ অথবা ১২ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰা হৈছে বুলি প্ৰকাশ কৰে। তেওঁ কয়, যে ব্যক্তিগত জীৱন বীমা আঁচনি, স্বাস্থ্য বীমা আঁচনি তথা জ্যেষ্ঠ নাগৰিকৰ বাবে থকা আঁচনিসমূহৰ ক্ষেত্ৰত থকা ...