August 7, 2024 7:54 PM

views 32

চৰকাৰে বিগত দশকত কৰ প্ৰশাসনত আমূল পৰিৱৰ্তন আনিবলৈ সমৰ্থ হৈছেঃ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে কৈছে যে, কৰ আৰোপৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীৰ মূল উদ্দেশ্য হৈছে কৰ আইন তথা প্ৰক্ৰিয়াৰ সৰলীকৰণ আৰু দেশৰ বিকাশ ত্বৰান্বিত কৰাৰ লগতে কৰ্ম সংস্থাপনৰ সুযোগ সৃষ্টি কৰা। লোকসভাত আজি বিত্ত বিধেয়ক ২০২৪ সম্পৰ্কীয় আলোচনাৰ উত্তৰ দি বিত্তমন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। শ্ৰীমতী সীতাৰমনে কয় যে, চৰকাৰে বিগত দশকত কৰ প্ৰশাসনত আমূল পৰিৱৰ্তন আনিবলৈ সমৰ্থ হৈছে। চৰকাৰে কৰ বহু বেছি বৃদ্ধি নকৰাকৈ অধিক স্বচ্ছতাৰ লগতে নিয়ম পালন প্ৰক্ৰিয়াৰ সৰলীকৰণৰ সৈতে সহজ কৰ আ...

August 6, 2024 8:28 PM

views 24

প্রধানমন্ত্রী জন ধন একাউণ্ট আৰু বুনিয়াদি ছেভিং বেংক একাউণ্টৰ বাবে ন্যূনতম জমাৰাশিৰ আৱশ্যকতা নাইঃ বিত্তমন্ত্ৰী সীতাৰমন

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে প্রধানমন্ত্রী জন ধন একাউণ্ট আৰু বুনিয়াদি ছেভিং বেংক একাউণ্টৰ বাবে ন্যূনতম জমাৰাশিৰ আৱশ্যকতা নাই বুলি স্পষ্ট কৰি দিছে। ৰাজ্যসভাত প্রশ্নকালৰ সময়ত ন্যূনতম জমাৰাশি নথকাৰ বাবে একাউণ্ট ধাৰকসকলৰ পৰা বিভিন্ন বেংকে মাছুল আদায় কৰা সন্দৰ্ভত সোধা এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰীয়ে কৈছে যে, চৰকাৰে বিত্তীয় প্ৰৱঞ্চনাৰ প্ৰতি শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰিছে। তেওঁ কয় যে, বিত্তীয় প্ৰৱঞ্চনা নিয়ন্ত্ৰণ কৰাৰ উ...

August 1, 2024 1:18 PM

views 14

২০২৪-২৫ বৰ্ষৰ সাধাৰণ বাজেট দেশৰ উন্নয়ন, কর্ম সংস্থাপন সৃষ্টি, কল্যাণ, মূলধনী ব্যয় আৰু বিত্তীয় একত্ৰীকৰণৰ মাজত ভাৰসাম্য ৰক্ষা কৰি যুগুত কৰা হৈছেঃ বিত্তমন্ত্ৰী

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কৈছে যে, ২০২৪-২৫ বৰ্ষৰ সাধাৰণ বাজেট দেশৰ অগ্ৰাধিকাৰৰ বিষয়সমূহ যেনে – উন্নয়ন, কর্ম সংস্থাপন সৃষ্টি, কল্যাণ, মূলধনী ব্যয় আৰু বিত্তীয় একত্ৰীকৰণৰ মাজত ভাৰসাম্য ৰক্ষা কৰি যুগুত কৰা হৈছে। ৰাজ্যসভাত কালি বাজেট সম্পৰ্কীয় আলোচনাৰ উত্তৰত তেওঁ এই কথা উল্লেখ কৰে। কেন্দ্ৰীয় চৰকাৰে ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস’ৰ নীতিত বিশ্বাস ৰাখি আহিছে বুলি মন্তব্য কৰি তেওঁ কয় যে বাজেটখনে সহযোগিতামূলক যুক্তৰাষ্ট্ৰবাদৰ নীতিত অটল আস্থা ৰখাকে প্ৰতিপন্ন কৰিছে। তেওঁ লগত...