December 4, 2025 8:44 PM December 4, 2025 8:44 PM

views 15

কেন্দ্ৰীয় আবকাৰি শুল্ক সংশোধনী বিধেয়ক ২০২৫ দুয়োখন সদনৰ অনুমোদন লাভ

ৰাজ্যসভাই আজি কেন্দ্ৰীয় আবকাৰি শুল্ক সংশোধনী বিধেয়ক ২০২৫ গ্ৰহণ কৰি লোকসভালৈ ঘূৰাই পঠিওৱাৰ লগে লগে বিধেয়কখনে দুয়োখন সদনৰ অনুমোদন লাভ কৰে। এই বিধেয়কখনৰ জৰিয়তে ১৯৪৪ চনৰ কেন্দ্ৰীয় আবকাৰি শুল্ক আইনৰ সংশোধন কৰিব বিচৰা হৈছে। ইয়াৰ জৰিয়তে বিশেষকৈ চিগাৰেট, চিগাৰ, হোকাত ব্যৱহাৰ কৰা মলা ধপাত, সুগন্ধি ধপাত, জর্দাসহ সকলো ধপাতৰ ওপৰত আৰোপিত আবকাৰি শুল্ক আৰু উপকৰ বৃদ্ধি কৰিব বিচৰা গৈছে। কেন্দ্ৰীয় বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰীয়ে আজি লোকসভাত এই বিধেয়কখন উত্থাপন কৰে। ৰাজ্যসভাত বিধেয়ক সন্দৰ্ভত হোৱা আলো...

September 25, 2025 9:50 PM September 25, 2025 9:50 PM

views 21

দেশৰ বিত্তীয় ব্যৱস্থাটো পৰিচালিত কৰি থকা বিত্তীয় সংস্থাসমূহে দেশখনৰ অৰ্থনীতিৰ বিকাশত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰেঃ বিত্তমন্ত্রী

কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে কয়, যে দেশৰ বিত্তীয় ব্যৱস্থাটো পৰিচালিত কৰি থকা বিত্তীয় সংস্থাসমূহে দেশখনৰ অৰ্থনীতিৰ বিকাশত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁ কয়, যে দেশখনৰ অৰ্থব্যৱস্থাটো অধিক শক্তিশালী কৰি তুলিবলৈ বেংকসমূহে অনাগত দিনবোৰত পূৰ্বতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব। পুনেত অনুষ্ঠিত বেংক অব্ মহাৰাষ্ট্ৰৰ ৯১ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ বিশেষ অনুষ্ঠানত ভাষণ প্ৰদান কৰি বিত্তমন্ত্ৰীগৰাকীয়ে কয়, যে বেংকসমূহে নতুন উদ্ভাৱনৰ জৰিয়তে অৰ্থনীতিখনৰ শ্ৰীবৃদ্ধিত অৰিহণা যোগাব পাৰ...

September 5, 2025 8:56 PM September 5, 2025 8:56 PM

views 22

নতুন সামগ্ৰী আৰু সেৱা কৰ ব্যৱস্থাই জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰিবঃ বিত্তমন্ত্রী

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে কৈছে যে নতুন সামগ্ৰী আৰু সেৱা কৰ ব্যৱস্থাই জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰিব আৰু এই ব্যৱস্থাই মূলধনী ব্যয়ত প্ৰভাৱ নেপেলায়। এটা ব্যক্তিগত সংবাদ মাধ্যমৰ সাক্ষাৎকাৰত শ্ৰীমতী সীতাৰৰ্মনে কয় যে ৯৯% সামগ্ৰী আৰু সেৱা কৰ হয় শূন্য, নহয় ৫ৰ পৰা ১৮%  ভিতৰত ৰখা হৈছে। তেওঁ জানিবলৈ দিয়ে যে কেন্দ্ৰীয় চৰকাৰে প্ৰথমবাৰৰ বাবে সামগ্ৰী আৰু সেৱা কৰৰ ক্ষতিপূৰণ শুল্ক আৰু বিস্তৃত প্ৰস্তাৱ গ্ৰহণ কৰিছে। মন্ত্ৰীগৰাকীয়ে কয় যে পেট্ৰ'লিয়ামজাত সামগ্ৰী আৰু সুৰাৰ সামগ্ৰীক বৰ্তম...

April 9, 2025 3:22 PM April 9, 2025 3:22 PM

views 23

২০৩২ বৰ্ষত ভাৰত ষষ্ঠ বৃহৎ বীমা বজাৰ হোৱাৰ লক্ষ্যৰে সাজু হৈছে: বিত্তমন্ত্রী সীতাৰমণ

■ ভাৰতে বিদেশী বেংকৰ বিকাশৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে চৰকাৰে বেংকিং ক্ষেত্ৰত বৈদেশিক বিনিয়োগৰ বাবে উৎসাহ যোগাই আহিছে। লণ্ডনত অনুষ্ঠিত ভাৰত-ব্ৰিটেইন বিনিয়োগকাৰীৰ ঘূৰণীয়া মেজমেলত কেন্দ্ৰীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে এই কথা প্ৰকাশ কৰে। শ্ৰীমতী সীতাৰমনে বহনক্ষম অৰ্থনৈতিক বিকাশ আৰু বিনিয়োগৰ বাবে চৰকাৰে অগ্ৰাধিকাৰ দি অহাৰ কথাও উল্লেখ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ২০৩২ বৰ্ষত ভাৰত ষষ্ঠ বৃহৎ বীমা বজাৰ হোৱাৰ লক্ষ্যৰে সাজু হৈছে বুলি উল্লেখ কৰে।

November 30, 2024 6:49 PM November 30, 2024 6:49 PM

views 15

বিহাৰৰ ঝাঝৰপুৰত ৫০ হাজাৰৰো অধিক হিতাধিকাৰীলৈ ১,১২১ কোটিৰো অধিক টকাৰ অনুমোদন পত্ৰ আৰু ঋণ হস্তান্তৰ বিত্তমন্ত্রী সীতাৰমণৰ

কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে আজি বিহাৰৰ মধুবনি জিলাৰ ঝাঝৰপুৰত এটা অনুষ্ঠানত ৫০ হাজাৰৰো অধিক হিতাধিকাৰীলৈ ১,১২১ কোটিৰো অধিক টকাৰ অনুমোদন পত্ৰ আৰু ঋণ হস্তান্তৰ কৰে। শ্ৰীমতী সীতাৰমণে প্রধানমন্ত্রী স্বনিধি, প্রধানমন্ত্রী বিশ্বকর্মা, মুদ্রা, ষ্টেণ্ড আপ ইণ্ডিয়া আৰু কিষান ক্রেডিট কার্ড আঁচনিৰ অধীনত হিতাধিকাৰীসকলৰ মাজত এই ঋণ বিতৰণ কৰে। ইয়াৰ পূৰ্বে বিত্তমন্ত্ৰীগৰাকীয়ে বিভিন্ন আত্মসহায়ক গোটৰ মহিলাসকলৰ সৈতে মত-বিনিময় কৰে। তেওঁ হস্তশিল্প, মাটিৰ পাত্ৰ, কাঠফুলা আৰু অন্যান্য কৃষি উৎপাদনেৰে সাফ...

November 12, 2024 8:45 AM November 12, 2024 8:45 AM

views 11

এছিয়াৰ আন্তঃগাঁথনি বিনিয়োগ বেংক, এ আই আই বিৰ প্ৰতিনিধিসকলৰ সৈতে বিত্তমন্ত্ৰী সাতাৰমণৰ বৈঠক

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কালি নতুন দিল্লীত এছিয়াৰ আন্তঃগাঁথনি বিনিয়োগ বেংক, এ আই আই বিৰ প্ৰতিনিধিসকলৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত বেংকটোৰ সঞ্চালক মণ্ডলীৰ ১১ গৰাকী প্ৰতিনিধিয়ে ভাগ লয়। যোৱা ৯ বছৰত লাভ কৰা উল্লেখযোগ্য সফলতাৰ বাবে মন্ত্ৰী শ্ৰীমতী সীতাৰমনে বেংকটোৰ ভূয়সী প্রশংসা কৰে। তেওঁ ৰাজহুৱা ডিজিটেল আন্তঃগাঁথনি নিৰ্মাণ আৰু এই সমূহৰ ব্যৱহাৰৰ ক্ষেত্ৰত ভাৰতক শক্তিশালী বৃহৎ আৰ্থিক ভেটি আৰু নেতৃত্বৰ কথা উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয়, যে বেংকটোৱে অনুকূল জলবায়ু, আন্তঃগাঁথনিৰ শক্ত...

October 16, 2024 11:20 AM October 16, 2024 11:20 AM

views 11

মেক্সিকো আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ অভিমুখে কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমন

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমন আজি মেক্সিকো আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণসূচীৰে ৰাওনা হ'ব। প্রথম পর্যায়ত শ্রীমতী সীতাৰমনে কাইলৈৰ পৰা ২০ অক্টোবৰলৈ মেক্সিকো ভ্ৰমণ কৰিব। তাত তেওঁ গ্ৰাডলজাৰাত হ'বলগীয়া প্ৰযুক্তি বিশেষজ্ঞসকলৰ ঘূৰণীয়া মেজমেলত অধ্যক্ষতা কৰিব। তেওঁ লগতে মেক্সিকোৰ বিত্ত আৰু ৰাজহুৱা ঋণ দপ্তৰৰ মন্ত্ৰী ৰোজেৰিঅ' ৰামীৰেজ ডেলাওৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। ইয়াৰ উপৰি শ্ৰীমতী সীতাৰমন সংসদীয় সহযোগিতা আৰু অৰ্থনৈতিক বিকাশ সুদৃঢ় কৰাৰ উদ্দেশ্যে মেক্সিকোৰ সাংসদসকলৰ সৈতে আলোচনাত...

October 6, 2024 11:38 AM October 6, 2024 11:38 AM

views 23

বহুপাক্ষিক বিকাশ বেংকসমূহক শক্তিশালী কৰাৰ বাবে জি-২০ ৰাষ্ট্ৰ গোটৰ বিশেষজ্ঞৰ প্ৰস্তাৱক বিবেচনাৰ কৰাৰ বাবে বিশ্ব বেংকক বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ প্ৰশংসা

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে বহুপাক্ষিক বিকাশ বেংকসমূহক শক্তিশালী কৰাৰ বাবে জি-২০ ৰাষ্ট্ৰ গোটৰ বিশেষজ্ঞ গোটে দিয়া মুঠ ৩০টা প্ৰস্তাৱৰ ভিতৰত ২৭টাক প্ৰস্তাৱক বিবেচনাৰ কৰাৰ বাবে বিশ্ব বেংকক প্ৰশংসা কৰিছে। নতুন দিল্লীত অধ্যাপক নিক ষ্টাৰ্ণৰ সৈতে হোৱা আলোচনাত শ্ৰীমতী সীতাৰমণে কয় যে, উন্নত দেশসমূহে উন্নয়নশীল দেশসমূহক ধন উপলদ্ধ কৰোৱা আৰু প্ৰযুক্তি হস্তান্তৰৰ জৰিয়তে জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা উচিত। উল্লেখযোগ্য অধ্যাপক নিক ষ্টাৰ্ণ ভাৰতৰ জি-২০ অধ্যক্ষতাৰ সময়ত বহুপাক্ষিক...

October 1, 2024 10:29 AM October 1, 2024 10:29 AM

views 16

অৰুণাচল প্ৰদেশত বিত্তমন্ত্রী নির্মলা সীতাৰমণে আজি কেইবাটাও চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব

● তিনিদিনীয়া ভ্ৰমণসূচীৰে অৰুণাচল প্ৰদেশত উপস্থিত হোৱা কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমণে আজি কেইবাটাও চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ আজি দৰ্জী খাণ্ডু ৰাজ্যিক অধিৱেশন কক্ষত এটা জনসম্পৰ্কৰক্ষা কাৰ্যসূচীত অংশ ল'ব। ইয়াৰ পাছতে তেওঁ নামছাই জিলাত ভাৰতীয় ষ্টেট বেংকৰ আঞ্চলিক ব্যৱসায় কাৰ্যালয় উদ্বোধন কৰিব। উল্লেখযোগ্য যে কেন্দ্রীয় বিত্ত মন্ত্ৰীগৰাকীয়ে কালি অৰুণাচল প্ৰদেশৰ ইটানগৰত অৰুণাচল, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড আৰু ত্ৰিপুৰাক সামৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৭টা আঞ্চলিক গ্রাম্...

September 11, 2024 11:36 AM September 11, 2024 11:36 AM

views 17

ব্ৰহ্মপুত্র উপত্যকা সাৰ নিগমক পুনৰ জীৱিতকৰণৰ বাবে বিত্তমন্ত্রীৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আলোচনা

■ ব্ৰহ্মপুত্র উপত্যকা সাৰ নিগমক পুনৰ জীৱিতকৰণৰ বাবে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনৰ সৈতে আলোচনাত মিলিত হয়। এই সাক্ষাতত মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ কাষত এখন নতুন উপগ্রহীয় মহানগৰ নিৰ্মাণৰ বিষয়টো লৈয়ো বিত্তমন্ত্ৰীগৰাকীৰ সৈতে কথা পাতে। এই মহানগৰ নিৰ্মাণৰ ক্ষেত্ৰত মুখ্যমন্ত্রী শর্মাই কেন্দ্রীয় বিত্তমন্ত্রীগৰাকৰ সমর্থন বিচাৰে আৰু পৰামর্শ গ্রহণ কৰে। শ্রীমতী সীতাৰমনক সাক্ষাতৰ পাছত সামাজিক মাধ্যমৰ এটা পোষ্টত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ত...