September 4, 2025 3:51 PM

views 13

জি এছ টিৰ পৰিমাণ পূৰ্বৰ ১৮ অথবা ১২ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰা হৈছেঃ বিত্তমন্ত্ৰী

● জি এছ টি পৰিষদে জনসাধাৰণ, কৃষক আৰু কৃষি, স্বাস্থ্য খণ্ড, উদ্যোগকে ধৰি অৰ্থনীতিৰ মূল খণ্ডসমূহত গুৰুত্ব আৰোপ কৰি সামগ্ৰী আৰু সেৱা কৰৰ যুক্তিগত সংস্কাৰ সাধনত অনুমোদন জনাইছে। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে সাধাৰণ লোক আৰু মধ্যবিত্ত সামগ্ৰীসমূহৰ ওপৰত থকা জি এছ টিৰ পৰিমাণ পূৰ্বৰ ১৮ অথবা ১২ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰা হৈছে বুলি প্ৰকাশ কৰে। তেওঁ কয়, যে ব্যক্তিগত জীৱন বীমা আঁচনি, স্বাস্থ্য বীমা আঁচনি তথা জ্যেষ্ঠ নাগৰিকৰ বাবে থকা আঁচনিসমূহৰ ক্ষেত্ৰত থকা ...

February 17, 2025 8:33 PM

views 28

মুম্বাইত ক্ষুদ্ৰ, অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগখণ্ডৰ বাবে উমৈহতীয়া ঋণ নিশ্চয়তা আঁচনিৰ শুভাৰম্ভ বিত্তমন্ত্রী নির্মলা সীতাৰমনৰ

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে আজি মুম্বাইত ক্ষুদ্ৰ, অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগখণ্ডৰ বাবে উমৈহতীয়া ঋণ নিশ্চয়তা আঁচনিৰ শুভাৰম্ভ কৰে। বিত্তমন্ত্ৰীগৰাকীয়ে কয়, যে ইয়াৰ ফলত যোৱা ৩ খন বাজেটত গুৰুত্ব আৰোপ কৰা ক্ষুদ্র, অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগখণ্ডসমূহৰ উত্থান সম্ভৱ হ'ব। এই আঁচনিখনৰ জৰিয়তে বন্ধকী অবিহনে যন্ত্রপাতি বা সঁজুলি ক্ৰয়ৰ বাবে ক্ষুদ্র, অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহক এশ কোটি টকা পর্যন্ত ঋণৰ সুবিধা প্ৰদান কৰা হ'ব। ভাল লাভ আশা কৰা বিনিয়োগকাৰীসকলক ভাৰতে উপযুক্ত লাভ প...

October 23, 2024 5:51 PM

views 25

পেনচিলভেনিয়া বিশ্ববিদ্যালয়ৰ হুৱাৰ্টন বিজনেছ স্কুলত মত বিনিময় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে আয়ুষ্মমান ভাৰত আঁচনিখনক সবাতোকৈ উৎকৃষ্ট সামাজিক নিৰাপত্তামূলক আঁচনিসমূহৰ অন্যতম বুলি অভিহিত কৰিছে। আমেৰিকাৰ পেনচিলভেনিয়া বিশ্ববিদ্যালয়ৰ হুৱাৰ্টন বিজনেছ স্কুলত এটা মত বিনিময় অনুষ্ঠানত ভাগ লৈ মন্ত্ৰীগৰাকীয়ে কয় যে, এই আঁচনিৰ জৰিয়তে জনসাধাৰণৰ স্বাস্থ্য বীমা কৰা হৈছে আৰু ইয়াৰ অধীনত ৬ কোটি ৩০ লাখতকৈও অধিক লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তেওঁ লগতে কোনো এজন লোকৰ ব্যক্তিগত বা আর্থিক অৱস্থা নির্বিশেষে এই আঁচনিৰ অধীনত ৭০ বছৰৰ ঊৰ্ধৰ প্ৰতিগৰাকী লোককে সম্প্ৰতি সামৰি ল...

September 11, 2024 11:36 AM

views 29

ব্ৰহ্মপুত্র উপত্যকা সাৰ নিগমক পুনৰ জীৱিতকৰণৰ বাবে বিত্তমন্ত্রীৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আলোচনা

■ ব্ৰহ্মপুত্র উপত্যকা সাৰ নিগমক পুনৰ জীৱিতকৰণৰ বাবে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনৰ সৈতে আলোচনাত মিলিত হয়। এই সাক্ষাতত মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ কাষত এখন নতুন উপগ্রহীয় মহানগৰ নিৰ্মাণৰ বিষয়টো লৈয়ো বিত্তমন্ত্ৰীগৰাকীৰ সৈতে কথা পাতে। এই মহানগৰ নিৰ্মাণৰ ক্ষেত্ৰত মুখ্যমন্ত্রী শর্মাই কেন্দ্রীয় বিত্তমন্ত্রীগৰাকৰ সমর্থন বিচাৰে আৰু পৰামর্শ গ্রহণ কৰে। শ্রীমতী সীতাৰমনক সাক্ষাতৰ পাছত সামাজিক মাধ্যমৰ এটা পোষ্টত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ত...