June 26, 2025 8:37 PM

views 18

গুৱাহাটী মহানগৰীৰ ডাউন টাউন উৰণ সেতু অহা ৬ জুলাইত উদ্বোধন কৰা হ’বঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা

গুৱাহাটী মহানগৰীৰ ডাউন টাউন উৰণ সেঁতু অহা ৬ জুলাইত উদ্বোধন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে জানিবলৈ দিয়ে। নিৰ্দিষ্ট সময়ৰ পূৰ্বেই এই উৰণ সেতু নিৰ্মাণ কৰি উলিওৱাৰ বাবে মুখ্যমন্ত্ৰী ড০ শৰ্মাই শ্রমিকসকলক কৃতজ্ঞতা জ্ঞাপন কৰে। গুৱাহাটীৰ যান-জঁটৰ সমস্যা নিৰ্মূলৰ ক্ষেত্ৰত উৰণ সেঁতুখনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি তেওঁ লগতে আশা প্ৰকাশ কৰে।