November 4, 2025 10:51 AM November 4, 2025 10:51 AM

views 46

■ বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ নশ্বৰদেহ কিছু সময় পূৰ্বে বিমানেৰে অসমলৈ অনা হৈছে

● চেন্নাইৰ এখন চিকিৎসালয়ত কালি দেহাৱসান ঘটা বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ নশ্বৰদেহ আজি কিছু সময় পূৰ্বে বিমানেৰে অসমলৈ অনা হৈছে। বিমানবন্দৰত বাঁহী বাদকৰ দলে শিল্পীগৰাকীক বাঁহীৰ সুৰেৰে শ্ৰদ্ধাঞ্জলি জনায়৷ ইয়াৰ পাছতে তেওঁৰ নশ্বৰ দেহ গুৱাহাটীৰ অম্বিকাগিৰি নগৰৰ বাসগৃহলৈ লৈ অহা হৈছে। বাসগৃহত আত্মীয়-স্বজনে শিল্পীগৰাকীৰ প্ৰতি শেষ শ্ৰদ্ধা জনোৱাৰ পাছত অম্বিকাগিৰি নগৰৰ সেউজ সংঘৰ বাকৰিত শিল্পীগৰাকীক ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব। নৱগ্ৰহ শ্মশানত আজি বিয়লি ৰাজ্যিক মর্যাদাৰে শিল্পীগৰাকীৰ শেষকৃত্য সম্...