July 12, 2024 9:37 AM

views 24

ৰাজ্যত বানৰ ফলত বৰ্তমানলৈকে ৮৪ জন লোকে প্ৰাণ হেৰুৱাইছে

■ ৰাজ্যত বানৰ ফলত এতিয়ালৈকে ৮৪ জন লোকে প্ৰাণ হেৰুৱাইছে। ৰাজ্যৰ ২৬ খন জিলাৰ প্ৰায় ১৪ লাখ লোক এতিয়াও বানৰ কবলত আছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰনে প্ৰকাশ কৰা মতে, নগাঁও জিলাৰ বান পৰিস্থিত জটিল হৈ আছে। জিলাখনত ২০ হাজাৰ ৬১২টি শিশুসহ প্রায় ৭৯ হাজাৰ লোক ক্ষতিগ্ৰস্ত হৈছে। বাঢ়নী পানীয়ে নগাঁও জিলাৰ ৬টা ৰাজহ চক্ৰৰ অধীনৰ ১৮৪ খন গাঁও আৰু ১৮ হাজাৰ ২৩১.৮ হেক্টৰ কৃষিভূমি বুৰাই পেলাইছে। এইবেলি বানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১০টা গঁড় সহ ১৭৪টা জীৱ-জন্তুৰ প্ৰাণ হানি হৈছে। উদ্যান কৰ্তৃপক্ষই প্রকাশ ক...

July 10, 2024 2:36 PM

views 18

ৰাজ্যত বান পৰিস্থিতি কিছু উন্নত যদিও বৰ্তমান ২৬ খন জিলাৰ ১৭ লাখৰো অধিক লোক বানৰ কবলত

ৰাজ্যত বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও এতিয়াও ২৬ খন জিলাৰ ১৭ লাখৰো অধিক লোক বানৰ কবলত আছে। ৯০ টা ৰাজহ চক্ৰৰ ২ হাজাৰ ৭০০ ৰো অধিক গাঁৱৰ বিস্তীর্ণ অঞ্চল বানত বুৰ গৈ আছে। এই বানত ৩৯ হাজাৰ হেক্টৰতকৈ অধিক কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। যোৱা ২৪ ঘণ্টাত বানৰ ফলত পুনৰ ৭ জন লোকে প্ৰাণ হেৰুওৱাত শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৭৯ লৈ বৃদ্ধি পাইছে। বানৰ ফলত যোৱা ২৪ ঘণ্টাত ৯৪ টা পথ আৰু ৩ খন দলঙৰ লগতে অন্যান্য আন্তগাঁঠনিৰ ক্ষতি হৈছে। ইপিনে, যোৱা দুদিন ধৰি বতৰ ফৰকাল হোৱাৰ পৰিপ্ৰেক্ষিতত কোনো কোনো অঞ্চলত পানী...

July 6, 2024 7:32 PM

views 57

শেহতীয়া বানত ৰাজ্যৰ প্ৰায় ৪৭ হাজাৰ লোকৰ ঘৰ-বাৰী পানীত বুৰ যোৱাত সাময়িকভাৱে সাহায্য শিবিৰত আশ্ৰয় ল’বলগীয়া হৈছে

অসমত বছৰৰ দ্বিতীয়টো বানত ৩০ খন জিলাৰ ২৪ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। বিগত ২৪ ঘণ্টাত বানত ৰাজ্যখনত কোনো লোকৰ মৃত্যু হোৱা নাই। গুৱাহাটী মহানগৰীত বৰষুণৰ পানীয়ে সৃষ্টি কৰা বানত স্বাভাৱিক জীৱন যাত্ৰা বিঘ্নিত হৈছে। মহানগৰখনৰ বিভিন্ন পথ-উপপথত পানী জমা হৈ থকাত যাতায়াতত অসুবিধাৰ সৃষ্টি হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দিয়া আগজাননী অনুসৰি উজনি অসমৰ বিভিন্ন স্থানত ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। শেহতীয়া বানত ৰাজ্যখনৰ প্ৰায় ৪৭ হাজাৰ লোকে ঘৰ-বাৰী পানীত বুৰ যোৱাত সাময়িকভাৱে সাহায্য শিবিৰত আশ্ৰয় ...

July 2, 2024 6:35 PM

views 52

ৰাজ্যৰ বান পৰিস্থিতি অধিক শোচনীয়, বোকাখাতৰ বান পীড়িত অঞ্চলসমূহ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

ৰাজ্যৰ বান পৰিস্থিতি অধিক শোচনীয় হৈ পৰিছে। প্রলয়ংকৰী বানত ৰাজ্যৰ ২০খন জিলাৰ ৬ লাখ ৪০ হাজাৰতকৈও অধিক লোক বানত ক্ষতিগ্ৰস্ত হৈছে। যোৱা ২৪ ঘণ্টাত বানত পৰি ধেমাজি আৰু তিনিচুকীয়া জিলাত এজনকৈ লোকে প্ৰাণ হেৰুৱাইছে। ইয়াকে লৈ এইবাৰৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৩৬ লৈ বৃদ্ধি পালে। আনহাতে, গোলাঘাট জিলাৰ এজন লোক সন্ধানহীন হৈ আছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা বান পৰিস্থিতিৰ বুজ ল'বলৈ আজি গোলাঘাটত উপস্থিত হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে বোকাখাতৰ বান পীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্ত লোক সকলৰ বাবে স...

June 25, 2024 7:07 PM

views 24

ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত

ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও ১০খন জিলাৰ ৬৩১ খন গাঁৱৰ এক লাখ ৭০ হাজাৰতকৈ অধিক লোক বানৰ কবলত আছে। ১৩ হাজাৰতকৈও অধিক ক্ষতিগ্রস্ত লোকক সহায় কৰিবৰ বাবে ১০২টা আশ্রয় শিবিৰ আৰু ৩৮টা সাহায্য বিতৰণ কেন্দ্ৰ সক্ৰিয় ৰখা হৈছে। বানত ২১ হাজাৰৰো অধিক পশুধনৰ ক্ষতি হৈছে।

June 1, 2024 1:10 PM

views 36

ৰাজ্যত সাম্প্রতিক বানত ৮ জন লোকে প্ৰাণ হেৰুৱাৰ লগতে ১১ খন জিলাত প্ৰায় ৩ লাখ ৫০ হাজাৰ লোক ক্ষতিগ্ৰস্ত

অসমৰ বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। সাম্প্রতিক বানত ৮ জন লোকে প্ৰাণ হেৰুৱাইছে আৰু ১১ খন জিলাত প্ৰায় ৩ লাখ ৫০ হাজাৰ লোক ক্ষতিগ্ৰস্ত হৈছে। ৰীমাল ঘূৰ্ণী বতাহৰ প্ৰভাৱত হৈ থকা নেৰা-নেপেৰা বৰষুণৰ বাবে ৰাজ্যখনৰ মাজেৰে বৈ যোৱা ঘাই ঘাই নৈসমূহৰ জলস্তৰ ক্ৰমাৎ বৃদ্ধি পাইছে। ৰাজ্যখনত এইবাৰৰ বানত ২৫টা ৰাজহ চক্ৰৰ মুঠ ৫৬০ খন গাঁও ক্ষতিগ্ৰস্ত হৈছে আৰু ৪ হাজাৰ ৯০০ৰো অধিক হেক্টৰ কৃষিভূমিৰ শস্য নষ্ট হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা মতে বাঢ়নী পানীয়ে কেইবাখনো জিলাৰ বাট আৰু অন্য আন্তঃগা...

May 31, 2024 7:22 PM

views 27

ৰাজ্যৰ বানৰ ফলত ৰাজ্যৰ ৩৮৬ খন গাওঁৰ ২ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত

♦ ৰাজ্যৰ ৯ খন জিলাত বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ থকাৰ লগতে কেইবাখনো নৈৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰেৰে বৈ আছে। সাগৰীয় ঘূর্ণিবতাহ ৰিমলৰ প্ৰভাৱত হোৱা প্ৰৱল বৃষ্টিপাতৰ পাছতে ৰাজ্যৰ কেইবাখনো জিলাত বানৰ সৃষ্টি হয়। ইয়াৰ ভিতৰত নগাঁও, কৰিমগঞ্জ, হাইলাকান্দি, কাছাৰ, পশ্চিম কাৰ্বি আংলং, হোজাই, গোলাঘাট, ডিমা হাচাও আৰু কাৰ্বি আংলঙত বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। বানৰ ফলত ৰাজ্যৰ ৩৮৬ খন গাওঁৰ ২ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। Read Now :  ৰীমাল ঘূৰ্ণীবতাহৰ ফলত হোৱা প্ৰাকৃতিক দুৰ্যোগৰ ঘটনা সন্দৰ্ভত প্রধানমন্ত্ৰীৰ...

May 30, 2024 2:38 PM

views 24

ৰাজ্যত ধাৰাষাৰ বৰষুণৰ ফলত কেইবাখনো জিলাৰ গ্ৰামাঞ্চল আৰু নগৰাঞ্চল প্লাৱিত

ৰাজ্যখনত শেহতীয়াভাৱে ৰীমাল ঘুর্ণিবতাহৰ ফলত হোৱা ধাৰাষাৰ বৰষুণে কেইবাখনো জিলাৰ গ্ৰামাঞ্চল আৰু নগৰাঞ্চল প্লাৱিত কৰিছে। নগাঁও, হাইলাকান্দি, পশ্চিম কাৰ্বি আংলং, কৰিমগঞ্জ, কাছাৰ, হোজাই, গোলাঘাট, কাৰ্বি আংলং আদি জিলাৰ বহুকেইখন গাওঁ বানত ক্ষতিগ্ৰস্ত হৈছে। বানে কেইবাটাও পথ প্লাৱিত কৰাৰ ফলত কোনো কোনো অঞ্চলত পথ যোগাযোগ ব্যাহত হৈ আছে। নগাঁও জিলাত কপিলী নৈৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ থকাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন অঞ্চল প্লাৱিত হোৱাৰ আশংকা কৰি জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে। জিলা আয়ুক্তই এটা নির্দেশনাযোগে ক...